নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ অষ্টম মহাদেশ ‘জিলাণ্ডিয়া’ আৱিষ্কাৰ

🔹 ওলাণ্ডাজ নাবিকৰ দাবীৰ পাছত ৩৭৫ বছৰ ধৰি সন্ধানহীন হৈ আছিল

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : সাতখন মহাদেশৰ বাহিৰেও আন এক পৃথক ভূখণ্ড আছিল পৃথিৱীত৷ নাম জিলাণ্ডিয়া৷ কিন্তু দীর্ঘদিন চকুৰ সন্মুখত থাকিও নিখোজ হৈ আছিল এই অষ্টম ‘মহাদেশ’৷ অৱশেষত জিলাণ্ডিয়াৰ সন্ধান পালে বিজ্ঞানীসকলে৷ প্রথমবাৰৰ বাবে পৃথিৱীৰ অষ্টম মহাদেশৰ মানচিত্র অঁকা হৈছে৷ আজিৰ পৰা ৮ কোটি ৩০ লাখ বছৰ আগতে অতি মহাদেশ আছিল এই পৃথিৱীত৷ সেই অতিকায় স্থলভাগ এসময়ত ভাগি যায়৷ টুকুৰা–টুকুৰ হৈ সৃষ্টি হয় নতুন মহাদেশ৷ সেই সময়তে সৃষ্টি হৈছিল জিলাণ্ডিয়াৰ৷ বিজ্ঞানীসকলে পৰীক্ষা কৰি দেখিছে যে এই জিলাণ্ডিয়াৰ বয়স কমপক্ষেও ১০০ কোটি বছৰ৷ কিন্তু প্রাকৃতিক কাৰণত এটা সময়ত পানীৰ তললৈ গুচি যায় এই মহাদেশ৷ অস্তিত্ব থাকে মাত্র কিছুসংখ্যক সৰু–বৰ দ্বীপৰ৷ এই দ্বীপসমূহৰেই এটা হৈছে নিউজিলেণ্ড৷ একেই আকৃতিৰ আৰু কেইবাটাও দ্বীপ আছে নিউজিলেণ্ডৰ চাৰিওফালে৷ কিন্তু সেই দ্বীপবোৰ এই মহাদেশখনৰ মূল ভূখণ্ডৰ কেৱল ছয় শতাংশহে৷ বাকী ৯৪ শতাংশ ডুবি আছে পানীৰ তলত৷ ৩৭৫ বছৰ পূর্বে এই মহাদেশৰ কথা উল্লেখ কৰিছিল এজন ওলাণ্ডাজ নাবিকে৷ ১৬৪২ চনত এই মহাদেশখন থকা বুলি দাবী কৰা হৈছিল৷ ইয়াৰ পাছত ২০১৭ চনত ভূতত্ত্ববিদসকলে জিলাণ্ডিয়া আৱিষ্কাৰ কৰে৷ তাৰ পাছতো ছবছৰ উকলি গৈছে৷ অৱশেষত জিলাণ্ডিয়াৰ সীমাৰেখা আঁকিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে৷ সংবাদ সংস্থা বিবিচিৰ প্রতিবেদন অনুসৰি জিলাণ্ডিয়া মহাদেশ ৫০ লাখ বর্গকিলোমিটাৰজুৰি বিস্তৃত হৈ আছে৷ এই মহাদেশখনৰ আন এক টে ৰিউৱা মাউয়ি৷ ফিজ ডট অ’আৰজি নামৰ এটা সংস্থাই উল্লেখ কৰা অনুসৰি, জিলাণ্ডৰ নতুন মানচিত্রৰ দিশত বর্ণনা প্রকাশ পাইছে টেক্টনিক্স নামৰ এখন জার্নালত৷ বিজ্ঞানীসকলে সমুদ্রৰ তলত ডুবি থকা জিলাণ্ডিয়াৰ পাত্থৰৰ ওপৰত পৰীক্ষা কৰি পুৰণি ইতিহাস বিচাৰ কৰাৰ চেষ্টা চলাইছে৷ ভৱিষ্যৎ দিনত জিলাণ্ডিয়া সন্দর্ভত বহু তথ্য বিজ্ঞানীসকলে দিবলৈ সক্ষম হ’ব বুলিও জার্নালখনত উল্লেখ কৰা হৈছে৷

You might also like