নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰিয়াৰৰ শততম ট্রফী জয় জক’ভিচ -ৰ

🔹 কেৰিয়াৰৰ শততম ট্রফী জয় জক’ভিচ -ৰ

🔹 ৰ’জাৰ ফেডেৰাৰৰ অভিলেখ স্পর্শ ন’ভাকৰ

নিউজ ডেস্ক, ২৬ মে’ : ফ্রেন্স অ’পেনত নমাৰ প্রাকমুহূর্তত নতুন মাইলষ্টন স্পর্শ কৰিলে টেনিছ তাৰকা ন’ভাক জক’ভিচে৷ কেৰিয়াৰৰ শততম এটিপি ট্রফী জয় কৰি তেওঁ ৰ’জাৰ ফেডেৰাৰৰ অভিলেখ স্পর্শ কৰিলে৷

উল্লেখ্য যে শনিবাৰে জেনিভা অ’পেনৰ ফাইনেলত পোলেণ্ডৰ হুবার্ট হুৰকাজক হৰুৱায় জক’ভিচে৷ টেনিছৰ মুকলি যুঁজত ইয়াৰ পূর্বে ১০০ৰ অধিক এটিপি ট্রফী জয় কৰিছে মাত্র দুজন খেলুৱৈয়ে৷ তেওঁলোক হৈছে জেমি কর্নছ আৰু ৰ’জাৰ ফেডেৰাৰ৷ কর্নছে ১০৯টা ট্রফী দখল কৰাৰ বিপৰীতে ফেডেৰাৰে অর্জন কৰিছে ১০৩টা ট্রফী৷ সেই ক্লাবতে অন্তর্ভুক্ত হৈছে জক’ভিচ৷ তৃতীয়গৰাকী টেনিছ খেলুৱৈ হিচাপে এই কৃতিত্ব অর্জন কৰে তেওঁ৷

আনহাতে, ট্রফী জয় কৰি দীর্ঘদিনৰ ব্যর্থতাৰ অৱসান ঘটায় জক’ভিচে৷ যোৱা বছৰ পেৰিছ অলিম্পিকত স্বর্ণ জয় কৰাৰ পিছৰ পৰা কোনো ট্রফী জয় কৰিব পৰা নাই তেওঁ৷ ইপিনে, সন্মুখত ফ্রেন্স অ’পেন৷ নিজৰ চতুর্থটো ফ্রেন্স অ’পেন ট্রফী জয়ৰ লক্ষ্যৰে নামিব ১৪টা গ্রেণ্ডশ্লামৰ গৰাকী জক’ভিচ৷ ইয়াৰ পূর্বে এই বিজয়ে খেলুৱৈগৰাকীৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে৷ উল্লেখ্য যে ইতিমধ্যে ৰ’জাৰ ফেডেৰাৰে অৱসৰ গ্রহণ কৰাত জক’ভিচ সম্প্রতি বহু অভিলেখৰ দুৱাৰডলিত আছে৷

You might also like