নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীৰ বিশ্বাস নাই ! প্রতিশোধ ল’ব পাৰে ভাৰতে – ইমৰান খান

🔹 পাকিস্তানক সতর্ক কৰিলে কাৰাবন্দী প্রাক্তন পাক প্রধানমন্ত্রীয়ে

নিউজ ডেস্ক, ১৬ মে’ : ভাৰত–পাকিস্তানৰ সংঘাতৰ মাজতে কাৰাগাৰৰ পৰা দেশবাসীক সাৱধানবাণী শুনালে প্রাক্তন পাক প্রধানমন্ত্রী ইমৰান খান-এ ৷ ভাৰতে প্রতিশোধ ল’ব পাৰে বুলি মন্তব্য কৰিলে ইমৰান খানে৷ কোনো কাৰণতেই যাতে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিশ্বাসত লোৱা নহয়, সেই বার্তাও দিলে ইমৰানে৷ কাৰাগাৰত ইমৰানৰ সৈতে দেখা কৰিবলৈ গৈছিল তেওঁৰ ভগ্ণী আলিমা খানে৷ ভগ্ণীৰ জৰিয়তে দেশবাসীক সাৱধানবাণী শুনাইছে প্রাক্তন পাক প্রধানমন্ত্রীগৰাকীয়ে৷ পৰৱর্তী সময়ত ইমৰান খানৰ এক্স হেণ্ডেলতো এই বার্তা প্রকাশ কৰা হৈছে৷ অৱশ্যে ইমৰান খানে প্রত্যক্ষভাৱে নিজৰ এক্স হেণ্ডেল নিয়ন্ত্রণ কৰিব নোৱাৰে৷ পাকিস্তানৰ সংবাদ মাধ্যম ‘ডন’–এ ইমৰানৰ ভগ্ণীক উদ্ধৃত কৰি প্রাক্তন পাক প্রধানমন্ত্রীগৰাকীৰ বার্তা প্রকাশ কৰিছে৷ ইমৰানে মন্তব্য কৰে যে ভাৰত–পাকিস্তানৰ মাজত যি পৰিস্থিতি সৃষ্টি হৈছিল, তাত সকলো সময়তে তাৎক্ষণিক প্রতিক্রিয়াৰ প্রয়োজন৷ পাকিস্তানে এতিয়া সতর্ক থাকিব লাগিব, কাৰণ নৰেন্দ্র মোদীয়ে প্রতিশোধ ল’বই বুলিও মন্তব্য কৰে ইমৰান খানে৷ লক্ষণীয় যে ‘অপাৰেচন সিন্দূৰ’ৰ পূর্বে ভাৰত–পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা ঘনীভূত হোৱাৰ লগে লগে দেশৰ চৰকাৰক সতর্ক কৰিছিল ইমৰান খানে৷ ভাৰতৰ যিকোনো আক্রমণৰ কঠোৰ প্রত্যুত্তৰ দিয়াৰো আহ্বান জনাইছিল নেতাগৰাকীয়ে৷

You might also like