নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ ভিতৰত ভাৰতত ‘ই-এয়াৰ টেক্সি’ সেৱা

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : ভাৰততো আৰম্ভ হ’ব ‘ই এয়াৰ টেক্সি’ সেৱা৷ ইণ্টাৰগ্লোব এণ্টাৰপ্রাইজ নামৰ এটা সংস্থাই এই টেক্সি সেৱা আৰম্ভ কৰিব ভাৰতত৷ ইয়াৰ জৰিয়তে ডেৰ ঘণ্টাৰ দূৰত্ব মাত্র আকাশী পথেৰে ৭ মিনিটত অতিক্রম কৰিবলৈ সক্ষম হ’ব যাত্রীয়ে৷ সকলো ঠিকে থাকিলে ২০২৬ চনৰ ভিতৰত ভাৰতত আৰম্ভ হ’ব ই-এয়াৰ টেক্সি সেৱা৷ পুষ্পক ৰথৰ দৰে আকাশী পথত উৰি গন্তব্য স্থানত উপস্থিত হ’ব পাৰিব যাত্রীয়ে৷ মূলতঃ যান–জঁট এৰাই চলি কম সময়ত যাত্রা কৰাৰ বাবে ইণ্টাৰগ্লোবে এই সেৱা আৰম্ভ কৰিব৷

You might also like