নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিন্তিত বেটাৰ-পেচবলাৰক লৈ : ৰাজকোটত আজি শৃংখলা জয়ৰ লক্ষ্যৰে নামিব টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ৭ জানুৱাৰীঃ টীম ইণ্ডিয়া আৰু আলহী দল শ্রীলংকাৰ মাজৰ তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি ৰাজকোটত অনুষ্ঠিত হ’ব৷ আজি এই শৃংখলা যুঁজত মেচখনৰ পূর্বে চিন্তিত হৈ পৰিছে হার্দিক পাণ্ডিয়া নেতৃত্বাধীন ভাৰতীয় দলটো৷ ইতিমধ্যে হৈ যোৱা শৃংখলাটোৰ প্রথম দুখন মেচত ঘৰুৱা দলটোৰ আগশাৰীৰ বেটাৰসকলে বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷ পুনেৰ মেচখনতো আগশাৰীৰ বেটাৰসকলে নিৰাশাজনক প্রদর্শন আগবঢ়ায়৷ শীর্ষ পর্যায়ৰ বেটাৰসকলৰ এই ব্যর্থতাই বাৰুকৈয়ে বিপাঙত পেলাইছে ভাৰতীয় দলটোক৷ শীর্ষ ক্রমৰ বেটাৰসকলৰ ব্যর্থতাত অসন্তুষ্টি ব্যক্ত কৰি অধিনায়ক পাণ্ডিয়াই কয় যে নির্ণায়ক মেচখনত জয়লাভ কৰিবলৈ হ’লে আগশাৰীৰ বেটাৰসকলে উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ আশা কৰিছোঁ সতীর্থসকলে নিজৰ ছন্দ অনুসাৰে খেলি শৃংখলা দখলত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ অৱশ্যে নিজৰ প্রদর্শনক লৈও অসন্তুষ্টি ব্যক্ত কৰে অধিনায়কগৰাকীয়ে৷ শীর্ষ পর্যায়ৰ বেটাৰৰ লগতে পেচ বলাৰেও কিছু পৰিমাণে চিন্তাত ৰাখিছে পাণ্ডিয়াক৷ অৱশ্যে কাইলৈ ৰাজকোটত পেচ বলাৰসকলে নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব বুলি আশাবাদী অধিনায়কগৰাকী৷ ৰাজকোটৰ উইকেট বেটিং সহায়ক হোৱালৈ চাই কাইলৈৰ মেচখনতো বৃহৎ স্ক’ৰ সংগ্রহ হোৱাৰ সম্ভাৱনা আছে৷ অৱশ্যে টছে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ উল্লেখ্য যে শৃংখলাটোৰ প্রথমখন মেচত টীম ইণ্ডিয়াই জয়লাভ কৰাৰ বিপৰীতে বৃহস্পতিবাৰে হৈ যোৱা দ্বিতীয়খন মেচত সিংহলী বাহিনীয়ে জয়লাভ কৰে৷

খেলৰ সময়  সন্ধিয়া ৭ বজা

You might also like