নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষত স্বর্ণ জয়েৰে অভিযান শিৱ থাপাৰ

বিশেষ বাৰ্তা, ৭ জানুৱাৰীঃ নতুন বছৰৰ আৰম্ভণিতেই দুর্দান্ত প্রদর্শনেৰে অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে তাৰকা বক্সাৰ শিৱ থাপাই৷ বিগত বর্ষৰ পৰা ক্রমাগতভাৱে উন্নত প্রদর্শন আগবঢ়াই অহা শিৱই ৰাষ্ট্রীয় পুৰুষ বক্সিং চেম্পিয়নশ্বিপত অর্জন কৰে সোণৰ পদক৷ এছিয়ান বক্সিঙত অভিলেখসংখ্যক ছয়বাৰকৈ পদক অর্জন কৰা শিৱই প্রতিযোগিতাখনৰ ফাইনেলত সহজে জয়লাভ কৰে৷ প্রতিযোগিতাৰ ৬৩.৫ কেজি শাখাত শিৱৰ হাতত শোচনীয়ভাৱে পৰাজিত হয় ২০২১ চনৰ বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰা অংকিত নাৰোৱাল৷ মেচখনত অসম সন্তান শিৱ থাপাই ৫–০ ব্যৱধানত জয়ী হয়৷ স্বর্ণ পদক যুঁজৰ মেচখনত অসমৰ তাৰকা বক্সাৰগৰাকীয়ে প্রথমৰ পৰাই অংকিতক চাপত ৰাখি উপর্যুপৰি আক্রমণ কৰে আৰু অৱশেষত অংকিতে অসম সন্তানগৰাকীৰ হাতত আত্মসমর্পণ কৰিবলৈ বাধ্য হয়৷ এই শাখাত ব্রঞ্জৰ পদক অর্জন কৰে মনীষ কৌশিক আৰু আশিসে৷ হিচাৰত অনুষ্ঠিত চেম্পিয়নশ্বিপখনত অসমক প্রতিনিধিত্ব কৰা শিৱই ছেমিফাইনেলত ছার্ভিচেছ স্প’টছ কণ্ড্র’ল ব’ডৰ বক্সাৰ মনীষক পৰাজিত কৰিছিল৷ ফাইনেলত ৰে’লৱে স্প’টছ প্রমোচন ব’ৰ্ডৰ খেলুৱৈ অংকিতক ৫–০ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে শিৱই৷ ইপিনে আন এখন মেচত কমনৱেলথ গেমছৰ দুবাৰৰ পদক বিজয়ী মহম্মদ হাছামুদ্দিনেও ৫৭ কেজি শাখাত স্বর্ণ পদক অর্জন কৰিছে৷ তেওঁ ২০১৬ চনৰ বিশ্ব যুৱ চেম্পিয়ন শচীনক ৪–১ ব্যৱধানত পৰাজিত কৰে৷ হাছামুদ্দিনৰ উপৰি নৰেন্দৰে স্বর্ণ পদক জয় কৰি ছার্ভিচেছক শীর্ষস্থান অক্ষুণ্ণ ৰখাত সহায় কৰে৷ প্রতিযোগিতাখনত ছার্ভিচেছ দলে ১০টা পদকেৰে শীর্ষস্থান অর্জন কৰিবলৈ সক্ষম হৈছে৷ ছার্ভিচেছে প্রতিযোগিতাখনত ৬টা স্বর্ণ, এটা ৰূপ আৰু তিনিটা ব্রঞ্জৰ পদক অর্জন কৰে৷ ইয়াৰ বিপৰীতে ৰে’লৱেৰ দলটোৱে দুটা স্বর্ণ, তিনিটা ৰূপ আৰু দুটা ব্রঞ্জৰ পদকেৰে অর্জন কৰে দ্বিতীয় স্থান৷ আনহাতে এটা স্বর্ণ, দুটা ৰূপ আৰু ৬টা ব্রঞ্জৰ পদকেৰে পঞ্জাবে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷

You might also like