পৃথিৱী এতিয়া ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাৰম্ভিক পর্যায়ত
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ডেল্টা প্রকৰণৰ সংক্রমণৰ মাজতো বিশ্ব ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাৰম্ভিক পর্যায়ত বুলি সতর্কবাণী জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ তৃতীয় জোৱাৰক লৈ বিশ্বৰ দেশসমূহক সকীয়নি দি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ‘হু’ৰ মুৰব্বী ট্রেড’ছ আধানম ঘেব্রেয়েছাছে কয়– দুর্ভাগ্যবশতঃ আমি এতিয়া ক’ভিডৰ তৃতীয় জোৱাৰৰ প্রাৰম্ভিক পর্যায়ত৷ ডেল্টা প্রকৰণৰ বিস্তাৰ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্রকাশ কৰি ‘হু’ৰ মুৰব্বী ঘেব্রেয়েছাছে কয় যে মানৱ স্বাস্থ্যক লৈ পদক্ষেপ সঠিক নোহোৱাৰ বাবে আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে৷
ক’ভিড–১৯ৰ পৰিস্থিতিক লৈ সংবাদ মেল সম্বোধন কৰি ‘হু’ৰ মুৰব্বীগৰাকীয়ে কয় যে ইউৰোপ আৰু উত্তৰ আমেৰিকাত ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ সংখ্যা টিকাকৰণ বৃদ্ধি কৰাৰ পিছত নিম্নগামী হৈছিল যদিও পুনৰ পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাটো বিপদৰ ইংগিত৷ ভাইৰাছটো ধাৰাবাহিকভাৱে বিৱর্তিত হৈ আছে, ফলত ভাইৰাছটোৰ প্রকৰণ অধিক সংক্রমণশীল হৈ গৈ আছে৷ তদুপৰি তেওঁ কয় যে বর্তমান ১১১খন দেশত বিয়পি পৰিছে ডেল্টা প্রকৰণ আৰু ই শীঘ্রেই সমগ্র বিশ্বকে সাঙুৰি ল’ব৷ আন্তর্জাতিক পর্যায়ত ক্রমাগতভাৱে চতুর্থটো সপ্তাহত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ ছটা মণ্ডলতে আক্রান্তৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধি হৈছে৷
আনহাতে, ক’ভিড ভেকচিনৰ গোলকীয় বিতৰণ আৰু জীৱনৰক্ষক সঁজুলি লাভ কৰাৰ ক্ষেত্রত দেশসমূহৰ মাজত চলা অসমতাক লৈ ক’ভিড–১৯ৰ জৰুৰী কমিটীক মনোযোগ দিবলৈও আহ্বান জনায় ‘হু’ৰ মুৰব্বীগৰাকীয়ে৷
উল্লেখ্য যে ভাৰতত বিগত কেইবাদিন ধৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা নিম্নগামী হৈ আছিল যদিও যোৱা ২৪ ঘণ্টাত পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৪১,৮০৬জন লোক আক্রান্ত হৈছে আৰু মৃত্যু ঘটিছে ৫৮১জনৰ৷ দেশত মুঠ আক্রান্ত ৩,০৯,৮৭,৮৮০জনৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩,০১,৪৩,৮৫০জন৷ যোৱা ২৪ ঘণ্টাত প্রাণ হেৰুওৱা ৫৮১জনক লৈ মুঠ মৃতকৰ সংখ্যা ৪,১১,৯৮৯জনলৈ বৃদ্ধি পালে৷ দেশত সম্প্রতি সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,৩২,০৪১জন৷ আনহাতে, দেশজুৰি এতিয়ালৈকে ৩৯,১৩,৪০,৪৯১ ড’জ ভেকচিন প্রদান কৰা হৈছে৷