নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিডনী বিক্রী ছিণ্ডিকেটঃ কলকাতাৰ পৰা পলাই আহি নগাঁও থানাত গোচৰ দীপকৰ

মানৱ অংগ বেহাৰ গোপন ঘাটিত পৰিণত নগাঁও–ডিব্রুগড়

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুলৰ মানৱ দেহৰ অংগ সৰবৰাহৰ ঘটনাৰ সমান্তৰালভাৱে শেহতীয়াকৈ নগাঁও জিলাতো মানৱ দেহৰ অংগ সৰবৰাহৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ কালি নগাঁও চহৰৰ গাতে লাগি থকা হুজ কৈৱর্ত গাঁৱৰ একাংশ সচেতন লোক আৰু মানৱ দেহৰ অংগ বিক্রী কৰাৰ দুই–এক লোকে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰাৰ পিছতেই মানৱ দেহৰ অংগ বিক্রী কৰাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ নাম প্রকাশত অনিচ্ছুক এগৰাকী কিড্নী বিক্রী কৰা লোকে জানিবলৈ দিয়ে যে মৰিগাঁৱৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ নিতু ৰাজখোৱা নামৰ এজন লোক এই কিড্নী ব্যৱসায়ৰ লগত জড়িত৷ নিতু ৰাজখোৱাই কিড্নী ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড বর্তমান পলাতক হৈ থকা নগাঁৱৰ জাজৰিৰ প্লাৱন বৰঠাকুৰৰ এজেণ্ট হিচাপে কাম কৰি আছে৷ জানিব পৰা মতে, প্লাৱন বৰঠাকুৰে ধুবুৰীত দীর্ঘদিন ধৰি বসবাস কৰি আহিছে৷ ধুবুৰীৰ পৰাই প্লাৱন বৰঠাকুৰে নগাঁও আৰু মৰিগাঁও জিলাত এজেণ্টৰ জৰিয়তে কিডনী বিক্রী কৰাৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷

জানিব পৰা মতে, নগাঁৱৰ হুজ গাঁৱৰ দুই–এজন দৰিদ্র লোকক মাটি দিয়াৰ প্রলোভনেৰেও দালাল চক্রই কিড্নী ব্যৱসায়ৰ অপচেষ্টাত লিপ্ত হৈছে৷ জানিব পৰা মতে, নগাঁৱৰ কিড্নী ব্যৱসায়ৰ লগত এজন অভিযন্তা জড়িত হোৱাৰ তথ্য উন্মোচিত হোৱাৰ খবৰে নগাঁৱত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পি তামুলী নামৰ অভিযন্তাজনে নগাঁও চহৰৰ বিজয় চৌহান নামৰ এজন যুৱকক কিড্নী বিক্রীৰ বাবে প্রলোভিত কৰিছিল৷ যুৱকজনে জনোৱা মতে, তেওঁ অভিযন্তাজনক গুৱাহাটী কলাক্ষেত্রত লগ পাইছিল৷ তেতিয়াই অভিযন্তাজনে তেওঁক কিড্নী বিক্রীৰ বাবে প্রলোভিত কৰাৰ লগতে আগধন হিচাপে ১০,০০০ টকা দিছিল আৰু ভৱিষ্যতে সহায় কৰি দিয়াৰ প্রতিশ্রুতি দিছিল৷ কি সহায়ৰ প্রতিশ্রুতি দিছিল সেয়া যুৱকজনে বিতংভাৱে নক’লে৷ আনকি অভিযন্তাজনৰ ঘৰ ক’ত সেই বিষয়েও একো কথা ক’ব নিবিচাৰিলে৷ নগাঁও চহৰৰ হুজগাঁৱৰ লগতে চহৰখনৰ পার্শ্বৱর্তী কেতবোৰ এলেকাৰ দাৰিদ্র্যপীডিত একাংশ লোকৰ দৰিদ্রতাৰ সুযোগ গ্রহণ কৰি মানৱ অংগ ব্যৱসায়ী চক্রই তেওঁলোকক বিভিন্ন ধৰণে প্রলোভিত কৰি শৰীৰৰ অংগ বিক্রীৰ দৰে জঘন্য ঘটনাৰ সৈতে জডিত কৰোৱাৰ তথ্য পোহৰলৈ আহিছে৷

এই মানৱ অংগ ব্যৱসায়ী চক্রৰ প্রলোভনৰ জালত পৰি নাগুৰ–নাগতি হোৱা এজন লোকে ন্যায় বিচাৰি কাষ চাপিছে নগাঁও আৰক্ষীৰ৷ মানৱ অংগৰ ব্যৱসায়ী চক্রৰ কবলৰ পৰা কোনোমতে পলাই আহি আৰক্ষীৰ কাষ চপা এই ভুক্তভোগীগৰাকী হৈছে নগাঁও চহৰৰ বিষ্ণুনগৰৰ দীপক সিং৷ আজি তেওঁ চহৰখনৰ হুজগাঁৱৰ দুজন ব্যক্তি ক্রমে পদ্মকান্ত দাস আৰু দীপ দাসৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰিছে৷ দীপক সিং নামৰ লোকজনে নগাঁও সদৰ থানাত দাখিল কৰা এজাহাৰত উত্থাপিত অভিযোগ অনুসৰি, এমাহ পূর্বে তেওঁক হুজগাঁৱৰ পদ্মকান্ত দাস নামৰ লোক এজনে চাকৰি দিয়াৰ প্রলোভন দি কলকাতালৈ লৈ যায়৷ কলকাতাত উপস্থিত হৈয়েই তেওঁক লগত লৈ মুকুন্দপুৰত থকা একেখন গাঁৱৰে দীপ দাসক লগ কৰে৷

পিছত দীপক সিঙক লগত লৈ পদ্মকান্ত দাস আৰু দীপ দাসে জনৈক প্রাঞ্জল আৰু কিশোৰ দত্ত নামৰ বাঙালী সম্প্রদায়ৰ লোক দুজনক লগ কৰেগৈ৷ পৰৱর্তী সময়ত দুয়ো দীপক সিঙক মুকুন্দপুৰত থকা প্রাঞ্জলৰ ভাৰাঘৰটোতে থকাৰ ব্যৱস্থা কৰি দিয়ে৷ পাছৰ দিনা প্রাঞ্জল আৰু কিশোৰ দত্তই দীপ দাস আৰু পদ্মকান্ত দাসৰ সহযোগত দীপক সিঙক ৰবীন্দ্রনাথ ঠাকুৰ হাস্পতাললৈ নি কিড্নীৰ পৰীক্ষা কৰোৱায়৷ কৌতূহলবশতঃ দীপক সিঙে তেওঁৰ কিড্নী পৰীক্ষা কৰোৱাৰ কাৰণ জানিব বিচৰাত দলটোৱে কয় যে তেওঁ এটা কিড্নী বিক্রী কৰিব লাগে আৰু ইয়াৰ বিনিময়ত চাৰি লাখ টকা দিব৷ এই প্রস্তাৱত হতভম্ব হৈ পৰা দীপকে কোনো কাৰণে কিড্নী বিক্রী নকৰে বুলি জনাই দিয়ে৷ পিছত দলটোৱে তেওঁক পুনৰ প্রাঞ্জলৰ ভাৰাঘৰটোলৈ নি তাত আবদ্ধ কৰি ৰাখে৷ কিন্তু সুযোগ বুজি কেইদিনমান পূর্বে দীপকে কলকাতাৰ ভাৰাঘৰটোৰ পৰা পলায়ন কৰে আৰু স্বগৃহত আহি উপস্থিত হয়৷ নগাঁৱত আহি উপস্থিত হোৱাৰ পিছত আজি দীপক সিঙে দীপ দাস আৰু পদ্মকান্ত দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ লগতে মানৱ অংগৰ ব্যৱসায়ী চক্রটোক উৎখাত কৰিবলৈ আবেদন জনায়৷ দীপক সিঙৰ এজাহাৰমর্মে নগাঁও আৰক্ষীয়ে এটা গোচৰ পঞ্জীভুক্ত কৰি তদন্ত আৰম্ভ কৰিছে৷

উল্লেখ্য যে মানৱ অংগ বিক্রীৰ দালাল চক্রৰ জালত পৰি নগাঁও চহৰৰ হুজগাঁৱৰ কেইবাজনো ব্যক্তিয়ে ইতিমধ্যে কলকাতাত গৈ কিড্নী বিক্রী কৰাৰ কথা পোহৰলৈ আহিছে৷আনকি কলকাতাত গৈ দালাল চক্রৰ জৰিয়তে নিজৰ কিড্নী বিক্রী কৰা একাধিক লোকে এই কথা নিজ মুখে স্বীকাৰ কৰিছে৷ তদুপৰি গাঁওখনৰ আন দুজন লোকে কলকাতাত কিড্নী বিক্রীৰ বাবে বাহৰ পাতি থকাৰ কথাও গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ গাঁওখনৰ অতি দৰিদ্র পৰিয়ালৰ ৬জনকৈ লোক ক্রমে মহেন্দ্র দাস, টিকটি দাস, ৰাজু নাথ, মঞ্জু দাস, বাপতি দাস আৰু বিশাল দাসে ইতিমধ্যে কলকাতাত কিড্নী বিক্রী কৰি অহাৰ লগতে ৰাজু দাস আৰু চিকৰা দাসে কলকাতাত কিড্নী বিক্রীৰ বাবে বাহৰ পাতি থকা বুলি গাঁওবাসীয়ে সদৰী কৰে৷

You might also like