নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত চেঞ্চুৰী কোবালে পেট্র’লৰ মূল্যই, দাম বাঢ়িছে ডিজেলৰোঃ কিন্তু আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অতি নিম্নগামী

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সর্বসাধাৰণ লোকক৷ প্রতিদিনে বাঢ়িছে পেট্র’ল–ডিজেলৰ দাম৷ দেশৰ বহু ৰাজ্যত ইতিমধ্যে পেট্র’লৰ দামে শতকৰ ক্লাবত প্রৱেশ কৰিছে৷ বৃহস্পতিবাৰে অসমতো সাধাৰণ পেট্র’লৰ মূল্যই শতকৰ ঘৰ অতিক্রম কৰিছে৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাত কালিৰ দিনটোত প্রতিলিটাৰ পেট্র’ল ১০০.০৬ টকা দৰত বিক্রী হৈছে৷ একেদৰে ধেমাজি জিলাত কালি  পেট্র’লৰ দাম হ’ল ১০০.১৪ টকা৷

ৰাজ্যৰ আন আন প্রান্ততো শীঘ্রে পেট্র’লৰ দামে প্রৱেশ কৰিব শতকৰ ক্লাবত৷ বহু ঠাইত ডিজেল বিক্রী হৈছে প্রতিলিটাৰত ৯০ টকাৰো অধিক দৰত৷ স্বাভাৱিকতে ঊর্ধ্বমুখী ইন্ধনৰ মূল্য সর্বসাধাৰণৰ বাবে হৈ পৰিছে বব নোৱাৰা বোজা৷ এহাতে, ক’ভিড পৰিস্থিতিত জনসাধাৰণৰ সন্মুখত জীৱন–জীৱিকাৰ অভাৱনীয় সংকট আহি পৰিছে, আনহাতে ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত বজাৰত অত্যাৱশ্যকীয় সামগ্রী জুই–ছাই দামত বিক্রী হৈছে৷ এনে অভাৱনীয় সংকটৰ মুহূর্ততো পেট্র’ল–ডিজেলৰ মূল্য হ্রাস কৰিবলৈ কোনোধৰণৰ পদক্ষেপ লোৱা নাই কেন্দ্রীয় চৰকাৰখনে৷ তাৰ সলনি অধিক হাৰত আবকাৰী কৰৰ জৰিয়তে ৰাজহ সংগ্রহতহে ব্যস্ত হৈ পৰিছে চৰকাৰখন৷ কাজেই কৰৰ বোজাত দেশৰ নাগৰিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে৷

উল্লেখ্য যে ভাৰতত ইন্ধনৰ দামে সর্বকালৰ অভিলেখ ভংগ কৰাৰ সময়ত আমাৰ চুবুৰীয়া দেশসমূহত তেনেই কম দৰত বিক্রী হৈছে পেট্র’ল–ডিজেল৷ কাৰণ, আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অতি নিম্নগামী হৈছে৷ কিন্তু তাৰ পিছতো ভাৰতত পেট্র’ল–ডিজেলৰ দাম ঊর্ধ্বগামী হোৱাৰ একমাত্র কাৰণটোৱে হ’ল উচ্চ হাৰৰ আবকাৰী কৰ৷ দেশত ইন্ধনৰ দামে অভিলেখ ৰচনা কৰা সময়ত কেন্দ্রীয় চৰকাৰেও আবকাৰী কৰ সংগ্রহত অভিলেখ সৃষ্টি কৰিছে৷ কৰ সংগ্রহৰ এই প্রৱণতাই মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ মূৰত৷ এনে পৰিস্থিতিত অসমৰ প্রতিখন চহৰত পেট্র’লৰ মূল্যই শতকৰ ঘৰ চুবলৈ বেছিদিন নাই৷

You might also like