নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ অতি প্রদূষিত ২০খন চহৰৰ ১১খনেই ভাৰতৰ

নিউজ ডেস্ক, ১২ মার্চঃ বিশ্বৰ অতি প্রদূষিত চহৰৰ তালিকাত প্রথম ২০খনৰ ভিতৰত আধাতকৈ বেছি ভাৰতৰ৷ শীর্ষ ২০ প্রদূষিত চহৰৰ তালিকাৰ ১১খনেই ভাৰতৰ৷ এই ১১খনৰ ভিতৰত তালিকাত শীর্ষস্থানত আছে উত্তৰ–পূর্বাঞ্চলৰ অসম আৰু মেঘালয় সীমান্তৰ বর্ণিহাট চহৰ৷ দেশৰ ৰাজধানী নতুন দিল্লীক অতিক্রম কৰি ভাৰতৰ সর্বাধিক প্রদূষিত চহৰৰ তালিকাত বর্ণিহাট৷ ছুইডেনৰ আইকিউ এয়াৰ নামৰ সংস্থা এটাৰ ২০২৪ চনত বিশ্বৰ চহৰসমূহত বায়ুৰ গুণমান সংক্রান্তীয় প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ শীর্ষ ২০ চহৰৰ প্রথম স্থানত বায়ু গুণমানসূচক, চমুকৈ একিউআই ১২৮.২ৰে অসম–মেঘালয় সীমান্তৰ বর্ণিহাট৷ শীর্ষ ২০ৰ বাকী ১১খন চহৰৰ ভিতৰত আছে দিল্লী, মুল্লানপুৰ, ফৰিডাবাদ, ল’নি, গুৰুগ্রাম, গংগা নগৰ, গ্রেটাৰ নয়দা, ভিয়াডি আৰু মুজাফফৰ নগৰ৷ প্রতিবেদনত প্রকাশ পোৱা মতে, বিশ্বৰ পঞ্চম সর্বাধিক প্রদূষিত দেশ ভাৰত৷ ২০২৩ চনৰ তুলনাত ভাৰতৰ প্রদূষণৰ মাত্রা বৃদ্ধি হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ বায়ুমান সূচক অনুসৰি ভাৰতৰ কোনো এখন চহৰৰেই বায়ু সন্তোষজনক নহয়৷ অৱশ্যে ২০২৩ চনৰ তুলনাত ২০২৪ চনত কিছু কিছু চহৰত বায়ু প্রদূষিত কৰা বিষাক্ত কণাৰ পৰিমাণ হ্রাস পাইছে৷ ভাৰতৰ ৩৫ শতাংশ চহৰ পিএম ২.৫ৰ বার্ষিক ঘনত্বৰ মাত্রা বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত নিৰাপদ সীমাতকৈ ১০ গুণ বেছি হৈ আছে৷ এইক্ষেত্রত সবাতোকৈ বেছি উত্তৰ ভাৰতৰ অৱস্থা বিপজ্জনক৷

You might also like