নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত ভাঙি টুকুৰা হ’ল এলন মাস্কৰ স্বপ্ণৰ ষ্টাৰশ্বিপ

🔹 মেক্সিকো উপ-সাগৰত পৰিল ষ্টাৰশ্বিপৰ ধ্বংসাৱশেষ

নিউজ ডেস্ক, ১৮ জানুৱাৰী : মাজ আকাশতে ভাঙি গ’ল এলন মাস্কৰ স্বপ্ণৰ ‘ষ্টাৰশ্বিপ’৷ পৰহি পৰীক্ষামূলকভাৱে এই মহাকাশযানখন উৎক্ষেপণ কৰা হয়৷ কিন্তু উৎক্ষেপণৰ মাত্র ৮ মিনিটৰ ভিতৰতে ভাঙি টুকুৰা টুকুৰ হৈ পৰে ষ্টাৰশ্বিপখন৷ ইয়াৰ ফলত বহু বিমানৰ সেৱা ব্যাহত হয়৷ ২০খন বিমানৰ চলাচলৰ পথ সলনি কৰি দিবলগীয়া হয়৷ কিন্তু ষ্টাৰশ্বিপ এনেদৰে ভাঙি পৰা সত্ত্বেও কোনোধৰণৰ দুখ প্রকাশ কৰা নাই মার্কিন ধনকুবেৰ এলন মাস্কে৷ চন্দ্রলৈ মানুহ প্রেৰণৰ লক্ষ্যৰে ২০২৩ চনৰ পৰা ষ্টাৰশ্বিপ প্রকল্পৰ কাম আৰম্ভ কৰিছে মাস্কৰ সংস্থা স্পেচএক্সে৷ ইয়াৰ পূর্বে ৬খন ষ্টাৰশ্বিপ নির্মাণ কৰি উৎক্ষেপণ কৰা হৈছিল৷ পৰহি সপ্তম ষ্টাৰশ্বিপখন পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়৷ উৎক্ষেপণৰ এঘণ্টা পিছতে পুনৰ ভাৰত মহাসাগৰত এই ষ্টাৰশ্বিপ নামি পৰিব বুলি আশা কৰা হৈছিল৷ কিন্তু বাস্তৱত সেয়া হৈ নুঠিল৷ উৎক্ষেপণৰ পিছতেই ভাঙি পৰিল ষ্টাৰশ্বিপ৷ মেক্সিকো উপসাগৰৰ বিস্তীর্ণ অঞ্চলত বিয়পি পৰিল ষ্টাৰশ্বিপৰ ধ্বংৱশেষ৷ ষ্টাৰশ্বিপ ভাঙি পৰাৰ মুহূর্তটো কেমেৰাত বন্দী কৰিছে সংবাদ সংস্থা ৰয়টার্ছে৷ এই আলোকচিত্রত দেখিবলৈ পোৱা গৈছে ধোঁৱাই ঢাকি পেলোৱা আকাশ৷

You might also like