নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপেক্ষাৰ অন্ত : আধ্যাত্মিক পৰিৱেশত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : অৱশেষত সুদীৰ্ঘ ৫০০ বছৰীয়া অপেক্ষাৰ অন্তত ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল দেশবাসী । আজি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ শুভ ক্ষণ ১২ বাজি ২৯ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই ৮৪ ছেকেণ্ডৰ ভিতৰতে ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ পূজা সম্পন্ন কৰে। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে উপস্থিত থাকে আৰএছএছপ্ৰধান ডাঃ মোহন ভাগৱত আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। হাজাৰ হাজাৰ ভক্তই এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশগ্ৰহণ কৰি এক আধ্য়াত্মিক পৰিৱেশৰ সৃষ্টি কৰে। অযোধ্যা আজি লোকে লোকাৰণ্য হৈ পৰে। প্ৰায় ৮০০০ নিমন্ত্ৰিত অতিথি এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল। ৰামভক্তৰ লগতে বলীউডৰ কেইবাগৰাকীও নিমন্ত্ৰিত অতিথিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত অমিতাভ বচ্চন, ৰজনীকান্ত, কেটৰিনা কাঈফ, বিবেক অবেৰয়, কণ্ঠশিল্পী চনু নিগমকে ধৰি বহু তাৰকা এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হয়।

You might also like