নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত গঁড় হত্যা শূন্য : ৰাজ্য চৰকাৰক প্ৰশংসা প্ৰখ্যাত অভিনেতা লিঅ’নার্ডোৰ

বিশেষ বাৰ্তা, ৯ ফেব্রুৱাৰীঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২০২২ বর্ষত গঁড় হত্যা ‘শূন্য’ হোৱাৰ বাবে অসম চৰকাৰক ভূয়সী প্রশংসা কৰিছে হলীউডৰ প্রখ্যাত অভিনেতা লিঅ’নার্ডো ডিকেপ্রিঅ’ই৷ ‘টাইটানিক’খ্যাত অভিনেতাজনে এটা এশিঙীয়া গঁড়ৰ এখন আলোকচিত্র সংলগ্ণ কৰি এই সন্দর্ভত আজি ইনষ্টাগ্রামত এটা পোষ্ট দিয়ে৷ য’ত তেওঁ এইদৰে লিখিছে– ‘২০০০ আৰু ২০২১ চনৰ ভিতৰৰ প্রায় ১৯০টা জন্তু হত্যা কৰাৰ পাছত ২০২১ চনত ভাৰতৰ ৰাজ্য অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এশিঙীয়া গঁড়ৰ চোৰাংচিকাৰ নির্মূলৰ লক্ষ্য বান্ধি লৈছিল৷ তেওঁলোকে ২০২২ বর্ষত এই লক্ষ্যত উপনীত হয় আৰু ১৯৭৭ চনৰ পৰা প্রথমবাৰৰ বাবে ৰাষ্ট্রীয় উদ্যানখনৰ এলেকাত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱা নাই৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ২,২০০টা এশিঙীয়া গঁড়ৰ আৱাস ভূমি৷ যিটো সমগ্র বিশ্বত থকা এশিঙীয়া গড়ৰ সংখ্যাৰ দুই–তৃতীয়াংশ৷ ভাৰতৰ কাৰণে আন এক সুখবৰ– ৱর্ল্ড ৱাইল্ড লাইফ ফাণ্ডৰ প্রতিবেদন মতে এই দুষ্প্রাপ্য গড়ৰ সংখ্যা বিশ্বত বিংশ শতিকাৰ প্রায় ২০০টাৰ পৰা প্রায় ৩,৭০০টালৈ বৃদ্ধি হৈছে৷’ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখন ইতিপূর্বে চোৰাং চিকাৰীৰ ৰম্যভূমিলৈ পর্যবসিত হৈ পৰিছিল৷ যিটো গড় হত্যাৰ পৰিসংখ্যাই প্রতীয়মান কৰে৷ বিগত ২০১৩ চনত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ৩৭টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল৷ যিটো ২০২০ চনত দুটা আৰু ২০২১ চনত হ্রাস পাইছিল এটালৈ৷ আৰু ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চোৰাং চিকাৰীৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপৰ বাবে ২০২২ বর্ষত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এটাও গড় হত্যা নহ’ল৷ এয়া এক অভিলেখৰূপে চিহ্ণিত হৈছে৷ ইফালে, ইনষ্টাগ্রামত ৫৬.৭ মিলিয়ন ফ’লোৱার্ছ থকা অস্কাৰ গোল্ডেন গ্লোব বঁটা বিজয়ী অভিনেতা লিঅ’নার্ডো ডিকেপ্রিঅ’ৰ উক্ত পোষ্টটোৱে ৰাষ্ট্রীয় সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷

You might also like