নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত অমৃত সৰোবৰৰ নিৰ্মাণক লৈ উত্তেজনা : বেদখলকাৰীৰ আক্ৰমণত বিজেপি নেতাসহ আহত ৫

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : ভৱানীপুৰ সমষ্টিৰ পুৰণ ভৱানীপুৰত স্থাপিত ঐতিহাসিক শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ ভূমিত আজি চৰকাৰীভাৱে অমৃত সৰোবৰ নিৰ্মানৰ বাবে পৰিদৰ্শন কৰিবলৈ যোৱা গ্ৰামোন্নয়ন বিভাগৰ এক্ৰিদিয়েট অভিযন্তা, বিজেপি নেতা,কলিতা জনগোষ্ঠীয় সন্মিলনৰ নেতাক দলবদ্ধভাৱে বেদখলকাৰীয়ে আক্ৰমণ কৰাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া তথা উত্তেজনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে আজিৰ দিনটোত পৃথকে গোপালদেৱ আতা সত্ৰৰ ভূমিত এটা মহিলাৰ দলে নাম কীৰ্তন কৰাত বেদখলকাৰীয়ে বাধা প্ৰদান কৰি আক্ৰমণৰ চেষ্টা কৰাক কেন্দ্ৰ কৰিও উত্তজিত পৰিবেশৰ সৃষ্টি হয়। উল্লেখ্য যে আজি দিনৰ প্ৰায় এক বজাত ভৱানীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গেৰুৱাপাৰ পঞ্চায়তৰ অন্তৰ্গত পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতা স্থাপিত সত্ৰৰ পতিত ভূমিত চৰকাৰীভাৱে স্থাপন হ’বলগীয়া অমৃত সৰোবৰ নিৰ্মানৰ বাবে গেৰুৱাপাৰ পঞ্চায়তৰ এক্ৰিদিয়েট অভিযন্তা দিপাংকৰ সৰকাৰে বিজেপিৰ যুৱ মৰ্চাৰ ভৱানীপুৰৰ মণ্ডলৰ সভাপতি গৌতম কলিতা,উপ সভাপতি নিপন দাস, বজালী জিলা কলিতা জনগোষ্ঠীয় সন্মিলনৰ সাংগঠনিক সম্পাদকদ্বয় নয়নমণি পাঠক আৰু কাশ্যপ কলিতা মুঠ পাঁচজনীয়া দল এটাই ভূমি পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল। পাঁচজনীয়া দলটো উপস্থিত হোৱাৰ লগে-লগে সত্ৰৰ ভূমিত পূৰ্বৰে পৰা কৃষিকাৰ্য কৰি বেদখল কৰি থকা মুছলমান সম্প্ৰদায়ৰ লোকৰ নেতৃত্বত প্ৰায় দুই শতাধিক এটা দুৰ্বৃত্তৰ দলে হাতে হাতে লাঠি,জোং,যাঠি লৈ পৰিদৰ্শন কৰিবলৈ যোৱা আটাইকেগৰাকীকে আক্ৰমণ কৰে।আক্ৰমণকাৰীৰ আক্ৰমনত আহত হৈয়ো আক্ৰমণকাৰীৰ কবলৰ পৰা পলায়ন কৰি এক্ৰিদিয়েট অভিযন্তা দিপাংকৰ সৰকাৰে সৰুপেটা আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ধুপালপাৰা গাঁৱত দুৰ্বৃত্তই আৱদ্ধ কৰি প্ৰহাৰ কৰি থকা অৱস্থাৰ পৰা আহত গৌতম কলিতা,নিপন দাস,নয়নমণি পাঠক আৰু কাশ্যপ কলিতাক উদ্ধাৰ কৰি সৰুপেটা আৰক্ষী চকীলৈ লৈ আহে। দুৰ্বৃত্তৰ আক্ৰমনত আহত দিপাংকৰ সৰকাৰ, গৌতম কলিতা, নিপন দাস, নয়নমণি পাঠক আৰু কাশ্যপ কলিতাই অভিযোগ কৰে যে- তেওঁলোকৰ পৰা নগদ ধন,সোণৰ চেইন পৰ্যন্ত কাঢ়ি নিয়ে। আক্ৰমনকাৰী দুৰ্বৃত্তই পুৰণ ভৱানীপুৰৰ সত্ৰৰ ভূমিৰ পৰা গৌতম কলিতা, নিপন দাস, নয়নমণি পাঠক আৰু কাশ্যপ কলিতাক ধুপালপাৰা গাঁৱলৈ নি হত্যাৰ চেষ্টা চলাইছিল বুলিও অভিযোগ উত্থাপিত হৈছে ।ঘটনা সন্দৰ্ভত আহত পাঁচগৰাকীয়ে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

প্ৰতিবেদক ভূষণ তালুকদাৰ

You might also like