৭ কোটিটকীয়া ফেৰাৰীক উদ্ধাৰ কৰিলে গৰুগাড়ীয়ে
🔹 বিলাসী বাহনত পিকনিকলৈ গৈ লটিঘটি দুই পর্যটকৰ
নিউজ ডেস্ক, ৩ জানুৱাৰী : বিলাসী ফেৰাৰী গাড়ী নিজেই হ’বলগীয়া হ’ল যাত্রী! মহাৰাষ্ট্রৰ ৰেভদণ্ড বলুকাৰাশিত আবদ্ধ হৈ পৰিল ৭ কোটিটকীয়া অত্যাধুনিক গাড়ী৷ হাজাৰ চেষ্টাৰ পিছতো চালকে গাড়ীখন লৰচৰ কৰাব নোৱাৰিলে৷ শেষত বিলাসী এই ফেৰাৰীৰ ৰক্ষাকর্তা হৈ পৰিল এখন গৰুগাড়ী৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ বিভিন্নজনে ৰসিকতা কৰিছে৷ মুম্বাইৰ সমীপতে আছে আলিবাগৰ ৰেভদণ্ডৰ সমুদ্রত বলুকাৰাশি৷ এই বলুকাৰাশিত পিকনিক কৰিবলৈ গৈছিল দুগৰাকী পর্যটকে৷ বিলাসবহুল ইটালিয়ান স্প’ৰ্টছ কাৰ লৈ বলুকাৰাশিৰ পিকনিকত যোগ দিবলৈ আহিছিল দুয়োজনে৷ ইয়াতেই সৃষ্টি হয় সমস্যা৷ সমুদ্র তীৰৰ নৰম বালিত গাড়ীৰ চকা আবদ্ধ হৈ পৰে৷ এনে পৰিস্থিতিত গাড়ীখন ষ্টার্ট দি, গতি কমোৱা–বঢ়োৱা কৰিও কোনোধৰণৰ সুফল নাপালে পর্যটক দুগৰাকীয়ে৷ উপায়হীন হৈ গাড়ীখন বলুকাৰাশিৰ পৰা উঠাই আনিবলৈ দেশীয় গৰুগাড়ী বিচাৰি যাবলগীয়া হয় চালক দুজনে৷ ভাগ্য ভাল আছিল দুয়োৰে৷ সমুদ্র তীৰত পোৱা গ’ল এখন গৰুগাড়ী৷ ফেৰাৰী গাড়ীক ঘৰলৈ ওভতাই আনিবলৈ এই গৰুগাড়ীখনক কামত লগোৱা হ’ল৷ গৰুগাড়ীৰ পিছফালে ৰছী বান্ধি টনা হ’ল বিলাসী গাড়ীখন৷ এনেদৰে বালিত আবদ্ধ হৈ পৰা ফেৰাৰী গাড়ীখন উদ্ধাৰ কৰি অনা হ’ল৷ সমগ্র ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ বিভিন্নজনে মন্তব্য কৰিছে যে অত্যাধুনিক আৰু বিলাসী হ’লেই নহ’ব, সকলো পৰিস্থিতিত খাপ খোৱাকৈ চলিব পৰা বাহনহে বেছি প্রয়োজনীয়৷ নহ’লে এনেদৰে সমুদ্রৰ বলুকাৰাশি নাইবা দুর্গম অঞ্চলত আবদ্ধ হৈ পৰিব পাৰে কোটি কোটিটকীয়া বাহন৷ দুয়োগৰাকী পর্যটকে সংবাদ মাধ্যমৰ পৰা মুখ লুকাবলগীয়া অৱস্থা হৈছে৷ বিলাসী গাড়ীত বহি আহি সমুদ্রৰ বলুকাৰাশিত চকুপানী টুকিবলগীয়া হ’ল দুয়োজনে৷ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে একাংশই ৰসিকতা কৰি কৈছে যে যিসকলৰ বিলাসী বাহন আছে, তেওঁলোকে সমুদ্র তীৰলৈ গ’লে সেই বাহন ঘৰত এৰি থৈ যোৱা উচিত৷ ইয়াৰ পৰিৱর্তে গৰুগাড়ীত উঠি অন্য ধৰণে পিকনিক উপভোগ কৰিব পৰা যায় বুলিও একাংশই মন্তব্য কৰিছে৷ ইফালে এজনে মন্তব্য কৰিছে যে দীর্ঘদিন ধৰি তেওঁ ফেৰাৰী গাড়ী ক্রয় কৰাৰ বাবে যি ধন জমা কৰিছিল, সেই ধনেৰে এতিয়া গৰুগাড়ী ক্রয় কৰাৰ সিদ্ধান্ত লৈছে৷ ৭ কোটি টকাৰ বাহন হ’লেও তাৰ বাবে উপযুক্ত মসৃণ পথহে, বলুকাৰাশি যে নহয় সেয়া প্রমাণ হ’ল৷