নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুঁৱাত পৰা মেকুৰীক বচাবলৈ গৈ একেটা পৰিয়ালৰ ৫জনৰ মৃত্যু

🔹 মহাৰাষ্ট্রৰ আহমেদ নগৰত শোকাৱহ ঘটনা

বিশেষ বাৰ্তা, ১১ এপ্রিল : কুঁৱাত পৰিছিল এটা মেকুৰী৷ এই মেকুৰীটোক বচাবলৈ গৈ একেটা পৰিয়ালৰ পাঁচ সদস্যৰ মৃত্যু হ’ল৷ কুঁৱাৰ পানীত ডুবি মৃত্যু হৈছে এই পাঁচ সদস্যৰ৷ পৰিয়ালটোৰ এজন সদস্যৰ জীৱন ৰক্ষা কৰিব পৰা গৈছে৷ বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ৷ ঘটনাটো মহাৰাষ্ট্রৰ আহমেদ নগৰ জিলাৰ ভাকাডি গাঁৱত৷ পৰহি নিশা গাঁওখনৰ এটা কুঁৱাৰ পৰা পাঁচজনৰ মৃতদেহ উদ্ধাৰ কৰে প্রশাসনে৷ এই পাঁচজন একেটা পৰিয়ালৰ সদস্য৷ উল্লেখনীয় যে মেকুৰীক বচাবলৈ পৰিয়ালটোৰ এজন সদস্য কুঁৱাত জঁপিওৱাৰ পিছত তেওঁক উদ্ধাৰ কৰিবলৈ আনকেইজনে কুঁৱাটোত জাঁপ দিছিল৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, এই কুঁৱাটো দীর্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত আছিল৷ স্থানীয় কৃষকসকলে তাত জৈৱ পদার্থ আৰু আৱর্জনা পেলায়৷ পৰহি বিয়লি কুঁৱাটোত পৰে এটা মেকুৰী৷ মেকুৰীটোক উদ্ধাৰ কৰিবলৈ প্রথমতে কুঁৱাটোত জাঁপ দিয়ে এজন যুৱকে৷ কিন্তু কুঁৱাৰ পৰা তেওঁ উঠি আহিব নোৱাৰিলে৷ যুৱকজনক উদ্ধাৰ কৰিবলৈ পৰিয়ালটোৰ এজন এজনকৈ ছজন সদস্যই কুঁৱাটোত জাঁপ দিয়ে৷ ইয়াৰে পাঁচজনৰ মৃত্যু হয়৷ প্রতিৱেশীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছত কেইবাঘণ্টা চেষ্টা কৰি আৰক্ষীয়ে এজনক জীৱন্তে উদ্ধাৰ কৰে যদিও আন পাঁচজনক মৃত অৱস্থাতহে কুঁৱাৰ পৰা উঠাই আনিবলৈ সক্ষম হয়৷ এই ঘটনাক কেন্দ্র কৰি শোকৰ ছাঁ পৰিছে সমগ্র অঞ্চলটোত৷ আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি, কুঁৱাটোৰ ভিতৰত থকা আৱর্জনাৰ বাবে পাঁচজন যুৱকক জীৱন্তে উদ্ধাৰ কৰাটো সম্ভৱ নহ’ল৷

You might also like