নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ তালিকা প্রকাশ ফ’ৰ্বছৰ

🔹 শীর্ষ দহত স্থান নাই ভাৰতৰ : তীব্র প্রতিক্রিয়া

নিউজ ডেস্ক, ৪ ফেব্রুৱাৰী : বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ ফ’ৰ্বছে প্রকাশ কৰা ২০২৫ৰ তালিকাত শীর্ষ দহত স্থান নাই ভাৰতৰ৷ এই লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিশ্বৰ বৃহত্তম জনসংখ্যা, চতুর্থ বৃহৎ সেনা আৰু পঞ্চম বৃহৎ অর্থনীতি হোৱাৰ পিছতো ভাৰতে ফ’ৰ্বছে প্রকাশ কৰা বিশ্বৰ সবাতোকৈ শক্তিশালী দেশৰ তালিকাত দ্বাদশ স্থানহে লাভ কৰিছে৷ তালিকাৰ শীর্ষত আমেৰিকা যুক্তৰাষ্ট্র, দ্বিতীয় চীন, তৃতীয় ৰাছিয়া, চতুর্থ গ্রেট ব্রিটেইন, পঞ্চম জার্মানী, ষষ্ঠ দক্ষিণ কোৰিয়া, সপ্তম ফ্রান্স, অষ্টম জাপান, নৱম ছৌদি আৰব আৰু দশম স্থানত ইজৰাইল৷ শীর্ষ দহৰ ভিতৰত স্থান লাভ নকৰাক লৈ ফ’ৰ্বছে প্রকাশ কৰা যুক্তি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্রৰ বাতৰিয়ে প্রকাশ কৰা মতে, এই তালিকা প্রস্তুত কৰোঁতে নেতৃত্ব, অর্থনৈতিক প্রভাৱ, ৰাজনৈতিক প্রভাৱ, শক্তিশালী আন্তর্জাতিক গোট আৰু সামৰিক শক্তিক আধাৰ হিচাপে লোৱা হৈছে৷ এনে পৰিপ্রেক্ষিততে ভাৰতে শীর্ষ দহত স্থান লাভ নকৰিলে৷ ইপিনে, আন্তর্জাতিক সামৰিক শক্তিসূচক ২০২৫ৰ তালিকাত ভাৰতে চতুর্থ স্থান লাভ কৰিছে৷ এই তালিকাত আমেৰিকা যুক্তৰাষ্ট্র প্রথম, ৰাছিয়া দ্বিতীয় আৰু তৃতীয় স্থানত চীন আছে৷ চতুর্থ স্থান লাভ কৰা ভাৰতৰ স্থল, বায়ু আৰু নৌসেনাৰ শক্তিৰ আধাৰ আছে৷ ভাৰতীয় স্থলসেনাত ১.৪৫ নিযুত সক্রিয় সামৰিক জোৱান থকাৰ বিপৰীতে ১.১৫ নিযুত সংৰক্ষিত জোৱান আৰু ২.৫ নিযুততকৈ অধিক অর্ধসামৰিক জোৱান আছে৷ টি–৯০, ভীষ্ম আৰু অর্জুন টেংক, ব্রাহ্মছ মিছাইল, পিনাকা ৰকেট ছিষ্টেমৰ লগতে বায়ুসেনাত ২,২২৯ যুদ্ধ বিমান, ৩,৮৯৯ হেলিকপ্টাৰ আছে৷

You might also like