নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ সংঘর্ষত জড়িত বিদেশী সন্ত্রাসবাদী !

🔹 ‘নিয়া’ৰ হাতত গ্রেপ্তাৰ সন্দেহজনক ব্যক্তি

বিশেষ বাৰ্তা, ২ অক্টোবৰ : মণিপুৰৰ দীর্ঘদিনীয়া হিংসা–সংঘর্ষৰ ঘটনাত জড়িত আছে ম্যানমাৰ আৰু বাংলাদেশৰ সন্ত্রাসবাদী৷ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ই এই তথ্য সদৰী কৰিছে৷ কেন্দ্রীয় সংস্থাটোৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি, দুয়োখন প্রতিৱেশী দেশত আশ্রয় লৈ থকা সন্ত্রাসবাদীয়ে অস্ত্র–শস্ত্র প্রেৰণ কৰিছে মণিপুৰলৈ৷ দীর্ঘদিনীয়া হিংসা আৰু সংঘর্ষৰ ঘটনাত এই অস্ত্র ব্যৱহাৰ হোৱা বুলিও ‘নিয়া’ৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ উল্লেখনীয় যে অলপতে মণিপুৰত এই সংঘর্ষত জড়িত এজন লোকক গ্রেপ্তাৰ কৰিছে৷ এই লোকজন বিদেশী সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত বুলি সন্দেহ কৰিছে ‘নিয়া’ৰ বিষয়াসকলে৷

You might also like