নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনত প্রিয় প্রার্থীৰ পৰাজয়ত আত্মহনন ৪জনৰ

🔹 সমর্থকক চৰম পদক্ষেপ নল’বলৈ অনুৰোধ বিজেপি নেত্রীৰ

বিশেষ বাৰ্তা, ১৭ জুন : লোকসভা নির্বাচনত প্রতিদ্বন্দ্বীৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে পছন্দৰ প্রার্থীয়ে৷ সেই দুখত চৰম পথ বাছি ল’লে এজনৰ পিছত এজন সমর্থকে৷ লোকসভা নির্বাচনৰ ফলাফল পোহৰলৈ অহাৰ পিছত এতিয়ালৈকে চাৰিগৰাকী সমর্থকে আত্মহনন কৰিছে৷ এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে মহাৰাষ্ট্রৰ বীড লোকসভা সমষ্টিত৷ কালি চতুর্থগৰাকী সমর্থকে চৰম পথ বাছি লয় ৷ এই ঘটনাত উদ্বিগ্ণ বীড লোকসভা সমষ্টিৰ পৰাজিত বিজেপি প্রার্থী পংকজা মুণ্ডে ৷ সমর্থকসকলৰ ওচৰত পংকজা মুণ্ডেই কাতৰ অনুৰোধ জনাইছে এই পদক্ষেপ গ্রহণ নকৰিবলৈ৷ বীড লোকসভা সমষ্টিত এইবাৰ বিজেপিৰ টিকটত প্রার্থী হৈছিল পংকজা৷ কিন্তু নির্বাচনৰ ভোটগণনাৰ পিছত দেখিবলৈ পোৱা যায় যে কংগ্রেছৰ বজৰং মনোহৰৰ হাতত মাত্র ৬,৫৫৩টা ভোটৰ ব্যৱধানত পৰাভূত হৈছে পংকজা৷ ইমান কম ভোটত কংগ্রেছ প্রার্থীৰ হাতত পংকজাৰ এই পৰাজয় মানি ল’ব পৰা নাই সমর্থকসকলে৷ ৪ জুনত ভোটগণনাৰ পিছত প্রথম আত্মহননৰ ঘটনা ঘটে ৭ জুনত৷ লাটুৰৰ বাসিন্দা শচীন মুণ্ডে নামৰ এগৰাকী সমর্থকে প্রথম চৰম পথ বাছি লয়৷ ইয়াৰ পিছত ৯ জুনত পাণ্ডুৰাং ছোনাৱানে নামৰ সমর্থকগৰাকীয়ে একে পথ বাছি লয়৷ ইয়াৰ পিছতে পোপাট ভৈবাছে আৰু গণেশ বাডে নামৰ দুজন সমর্থকে চৰম পথ বাছি লয় ৷

You might also like