নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্ণাটকত পুখুৰীত গাড়ী বাগৰি চাৰি মহিলাৰ মৃত্যু

বিশেষ বাৰ্তা, ৩০ জুলাই : নিয়ন্ত্রণ হেৰুৱাই খালত পৰিল গাড়ী ৷ গাড়ীখনত থকা চাৰিগৰাকী মহিলাৰ পানীত ডুবি মৃত্যু হয় ৷ অৱশ্যে গাড়ীৰ চালকগৰাকীৰ প্রাণৰক্ষা পৰে ৷ ঘটনাটো সংঘটিত হৈছে কর্ণাটকৰ মাগুৱা জিলাত ৷ শনিবাৰে নিশা নিয়ন্ত্রণ হেৰুৱাই বিশ্বেশ্বড়াৰ খাল এটাত গৈ বাগৰি পৰে গাড়ীখন ৷ গাড়ীখন খালৰ পানীত ডুবি যোৱাৰ পূর্বে চালকজনে কোনোমতে তাৰ পৰা বাহিৰ হৈ সাঁতুৰি পাৰলৈ উঠি আহে৷ কিন্তু গাড়ীখনত থকা চাৰিগৰাকী মহিলাৰ মৃত্যু হয়৷ ইয়াৰ ভিতৰত এজন কিশোৰীও আছে৷ নিহতসকল মহাদেৱাম্মা (৫৫), মহাদেৱী (৪৫), ৰেখা (৩৬) আৰু সঞ্জনা (১৭) বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি গামানাহল্লী গাঁৱৰ পৰা চাৰিওগৰাকী মহিলাই গাড়ীৰে আত্মীয়ৰ ঘৰলৈ গৈছিল৷ তেতিয়াই এই দুর্ঘটনাটো সংঘটিত হয়৷ নিহত মহিলাকেইগৰাকীৰ কোনেও সাঁতুৰিব নাজানিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে৷

You might also like