নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নয়ডাত প্রাসাদৰ লিফ্ট খহি ৪ শ্রমিকৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : মহাৰাষ্ট্রৰ থানেৰ পিছত নয়ডাত অনুৰূপ দুর্ঘটনা সংঘটিত হ’ল৷ পুনৰ নির্মীয়মাণ বহু মহলীয়া প্রাসাদৰ লিফ্ট খহি পৰি মৃত্যু হ’ল চাৰি শ্রমিকৰ৷ আজি পুৱাৰ ভাগতে গ্রেটাৰ নয়ডাৰ গৌড় চিটীৰ সমীপৰ এটা বহু মহলীয়া প্রাসাদত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ গুৰুতৰভাৱে আহত হৈছে অন্য পাঁচজন শ্রমিক৷ আহত শ্রমিককেইজনক নয়ডাৰ হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ উল্লেখনীয় যে চলিত সপ্তাহতে মহাৰাষ্ট্রৰ থানেত এটা প্রাসাদৰ লিফ্ট খহি ৭জন শ্রমিকৰ মৃত্যু হৈছিল৷ আজি নয়ডাত লিফ্ট খহি পৰাৰ সময়ত লিফ্টখনৰ ভিতৰত ৯জন শ্রমিক আছিল৷ আহত পাঁচজন শ্রমিকৰ অৱস্থা সংকটজনক বুলি সদৰী কৰিছে জিলা দণ্ডাধীশে৷

You might also like