এছিয়াৰ পৰা ইউৰোপলৈ… দুদিনত জোকাৰিলে কেইবাটাও ভূমিকম্পই
নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ আজি পুৱতিনিশা নেপালত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। বিহাৰ, শিলিগুৰিকে ধৰি ভাৰতৰ চুবুৰীয়া অঞ্চলত এই কঁপনি অনুভূত হয়। ইয়াৰ পিছত ভয় খাই মানুহ ঘৰৰ পৰা ওলাই আহিল। ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰই নিশ্চিত কৰিছে যে ভূমিকম্পৰ কেন্দ্ৰবিন্দু কাঠমাণ্ডুৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ পূবে সিন্ধুপালচৌক জিলাৰ ভৈৰৱকুণ্ডাত। স্থানীয় সময় অনুসৰি পুৱা ২:৫১ বজাত এই ভূমিকম্পৰ ফলত নেপালৰ মধ্য আৰু পূব অঞ্চলত আতংকৰ সৃষ্টি হয়। ভূমিকম্পৰ প্ৰভাৱৰ মূল্যায়ন কৰা হৈছে। অৱশ্যে কোনো ধৰণৰ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত পাটনাত অট্টালিকা আৰু চিলিং ফেন কঁপি থকা দেখা গৈছে। ইফালে ভাৰত আৰু তিব্বতৰ সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলেও ভূমিকম্পৰ কম্পন অনুভৱ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতি বা বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই যদিও স্থানীয় কৰ্তৃপক্ষই পৰিস্থিতিৰ মূল্যায়ন কৰি আছে। ইফালে ৰিখটাৰ স্কেলৰ ৪.৫ প্ৰাবল্যৰ আন এক ভূমিকম্পৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল পাকিস্তান। আজি পুৱা প্ৰায় ৫:১৪ বজাত পাকিস্তানত সংঘটিত হয় এই ভূমিকম্প। এই ভূমিকম্পটো কেৱল নেপালতে সীমাবদ্ধ নাছিল। নেপাল বিশ্বৰ অন্যতম সক্ৰিয় ভূমিকম্পীয় অঞ্চল, য’ত ২০১৫ চনত নেপালত ৭.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল, য’ত ৯ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু দহ লাখতকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হৈছিল। ইফালে বছনিয়াত ২.৫, কালি পোলেণ্ডত ৩.১, ২.৬, ৪.০, ইথিঅপিয়াত ৪.৭, স্পেইনত ৪.১, তুৰ্কীত ২.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই আছে ধৰণীক।