মুম্বাইৰ পৰা কেৰালালৈকে ‘বিপৰ্যয়’ৰ আতংক
📌 প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ আহ্বান
বিশেষ বাৰ্তা, ১২ জুনঃ ভাৰতৰ পশ্চিম উপকূলত ঘূৰ্ণি বতাহ ‘বিপৰ্যয়’ৰ তীব্ৰ ৰূপ দেখিবলৈ পোৱা গৈছে। মুম্বাইৰ পৰা কেৰালালৈকে উপকূলৰ কাষেৰে প্ৰচণ্ড বতাহ বলিছে। সাগৰৰ মাজৰ পৰা ওখ ঢৌ উঠি পাৰত খুন্দা মাৰিছে। ধুমুহাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন বৈঠকৰ আহ্বান কৰিছে, য’ত তেওঁ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। সূত্ৰৰ উদ্ধৃতিৰে এই তথ্য প্ৰদান কৰিছে সংবাদ সংস্থাই। দেওবাৰে ‘বিপৰ্যয়’ ভয়াৱহ ঘূৰ্ণি বতাহ ধুমুহাত পৰিণত হৈছিল। ই ভাৰতৰ উপকূলৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। ১৫ জুনৰ ভিতৰত ইয়াৰ প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছিল যদিও ইয়াৰ প্ৰভাৱ ইতিমধ্যে দেখা দিবলৈ আৰম্ভ কৰিছে। মুম্বাইত প্ৰচণ্ড বতাহৰ বাবে বিমানৰ কাম-কাজ ব্যাহত হৈ পৰিছে। গুজৰাটৰ কুচ্চ আৰু সৌৰাষ্ট্ৰ অঞ্চলত সতৰ্কবাণীৰ স্থিতি সলনি কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ইয়াত হালধীয়া সতৰ্কবাণী ঘোষণা কৰা হৈছিল। ১৫ জুনৰ বিয়লিৰ ভিতৰত মাণ্ডভি (গুজৰাট) আৰু কৰাচী (পাকিস্তান)ৰ মাজেৰে ‘বিপৰ্যয়’ পাৰ হোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণি বতাহৰ সতৰ্কবাণীৰ মাজতে গুজৰাটৰ কুচ্চৰ নিম্ন উপকূলীয় অঞ্চলৰ পৰা মানুহক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বন্দৰৰ বিষয়া আৰু জাহাজৰ মালিকসকলকো সতৰ্ক হ’বলৈ কোৱা হৈছে। তদুপৰি বেয়া বতৰৰ বাবে মুম্বাই বিমানবন্দৰত বিমান চলাচলত সমস্যাৰ সৃষ্টি হৈছে। দেওবাৰে নিশা বহু বিমান পলম হোৱাৰ বিপৰীতে বহু বিমান বাতিল কৰিবলগীয়া হয়।