অবৈধ লেনদেনেৰে ১৪২ কোটিৰ লাভ হৈছিল গান্ধী পৰিয়াল -ৰ
🔹 নেচনেল হেৰাল্ড গোচৰ সন্দর্ভত ইডি
🔹 অবৈধ লেনদেনেৰে ১৪২ কোটিৰ লাভ হৈছিল গান্ধী পৰিয়াল -ৰ
নিউজ ডেস্ক, ২২ মে’ : বহুচর্চিত নেচনেল হেৰাল্ড অবৈধ ধনৰ লেনদেন গোচৰত কংগ্রেছ নেত্রী ছোনিয়া গান্ধী আৰু সাংসদ পুত্র ৰাহুল গান্ধীসহ কেইবাজনো কংগ্রেছ নেতাৰ বিৰুদ্ধে দিল্লীৰ আদালতত অভিযোগনামা দাখিল কৰাৰ পাছত কালি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি)–এ গান্ধী পৰিয়ালৰ বিৰুদ্ধে অপৰাধত জড়িতৰ তথ্য দাখিল কৰে৷ দিল্লীৰ আদালতত কংগ্রেছৰ ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড অবৈধ ধনৰ লেনদেন গোচৰত ১৪২ কোটি টকা লাভৱান্বিত হৈ অপৰাধত জড়িত হোৱা বুলি অভিযোগ দাখিল কৰে৷ ইডিৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে গান্ধী পৰিয়ালৰ এই অপৰাধৰ অভিযোগ দাখিল কৰি কেন্দ্রীয় সংস্থাটোৱে ইতিপূর্বে দাখিল কৰা অভিযোগনামাক বিচাৰৰ গণ্ডীত সোমাই লোৱাৰ যুক্তি প্রদর্শন কৰে ৷ আদালতৰ বিশেষ ন্যায়াধীশ বিশাল গগনেৰ সন্মুখত অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ বি ৰাজুৱে অবৈধ ধনৰ লেনদেন গোচৰত গান্ধী পৰিয়াল আৰু আন কংগ্রেছ নেতা অপৰাধত জড়িত থকা বুলি প্রাৰম্ভিক তদন্তত নিশ্চিত হৈছে বুলি কয়৷ উল্লেখ্য যে দীর্ঘদিনীয়া এই গোচৰটোৰ আদালতত বিচাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ ২০১৪ চনৰ ২৬ জুনত বিজেপি নেতা সুব্রমণিয়ম স্বামীয়ে গান্ধী পৰিয়ালসহ কেইবাজনো কংগ্রেছ নেতাৰ বিৰুদ্ধে নেচলেন হেৰাল্ডৰ সম্পত্তি অনিয়মেৰে হস্তক্ষেপ কৰাৰ অভিযোগ দাখিল কৰিছে৷ স্বামীৰ অভিযোগক বিচাৰৰ তদন্তৰ যোগ্য হিচাপে মানি লৈ আদালতে পদক্ষেপ গ্রহণ কৰিবলৈ দিয়াৰ পাছত ২০২১ চনত ইডিয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰে৷ কালি বিশেষ ন্যায়াধীশ গগনেই শুনানি গ্রহণ কৰি অভিযোগনামাৰ এক প্রতিলিপি স্বামীক প্রদান কৰিবলৈ নির্দেশ দিয়ে৷ কিয়নো এই গোচৰৰ মুখ্য অভিযোগকাৰী স্বামী৷ আনপিনে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ অধিবক্তাই আদালতক এই বিষয়টোৰ পৰৱর্তী শুনানি অহা মাহত নির্ধাৰণ কৰিবলৈ আহ্বান জনায়৷ কিয়নো ইডিৰ অভিযোগৰ প্রত্যুত্তৰ দিবলৈ তেওঁলোকক সময়ৰ প্রয়োজন হ’ব।