নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰৰ ওপৰত খর্গহস্ত গাভাস্কাৰ

🔹 ‘তেওঁলোকৰ পৰিয়াল ভাৰতীয় ধনেৰে চলে’

নিউজ ডেস্ক, ২ মার্চ : চেম্পিয়নছ ট্ৰফীক লৈ ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰৰ মাজত বাকযুদ্ধ ক্রমাৎ বৃদ্ধি পাইছে৷ ইংলেণ্ডৰ দুই প্রাক্তন অধিনায়ক নাছেৰ হুছেইন আৰু মাইকেল আথাৰটনে ডুবাইত ভাৰতৰ প্রদর্শনক লৈ প্রশ্ণ উত্থাপন কৰে৷ তেওঁলোকৰ অভিযোগ যে ডুবাইত খেলি ভাৰতে অতিৰিক্ত সুবিধা লাভ কৰিছে৷ ইংলেণ্ডৰ দুয়োগৰাকী প্রাক্তন অধিনায়কৰ মন্তব্যত খর্গহস্ত হৈ টীম ইণ্ডিয়াৰ প্রাক্তন মহান বেটাৰ সুনীল গাভাস্কাৰে কয়- তেওঁলোকৰ পৰিয়ালে ভাৰতীয় ধনেৰে জীৱন নির্বাহ কৰে আৰু সেই ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা মন্তব্য কৰিছে৷ আজি ডুবাইত মুখামুখি হয় ভাৰত আৰু নিউজিলেণ্ড৷ ইয়াৰ পূর্বে গাভাস্কাৰক এই সন্দর্ভত সোধাত তেওঁ কয় যে মই এই বিষয়ে একো ক’ব নিবিচাৰোঁ৷ তেওঁলোকে বুজি নাপায় যে খেলৰ মান, প্রতিভা আৰু সর্বোপৰি ক্রিকেটৰ পৰা আয়ৰ ক্ষেত্রত ভাৰত সকলোতকৈ আগবাঢ়ি আছে৷ টেলিভিছন আৰু অন্যান্য অধিকাৰৰ পৰা ভাৰতে যি উপার্জন কৰে, তাৰ পৰাই তেওঁলোকৰ দৰমহাও আহে৷ তেওঁলোকৰ পৰিয়াল ভাৰতীয় ধনেৰে চলি আছে৷ তেওঁলোকে নিজৰ দেশৰ ক্রিকেটৰ কথা ভাবিব লাগে৷

You might also like