নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাই টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া : গিল–পণ্টৰ দর্শনীয় শতক

🔹 দ্বিতীয় ইনিংছত বাংলাদেশৰ ৪ উইকেটত ১৫৮

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : ভ্রমণকাৰী দল বাংলাদেশৰ বিপক্ষে চেন্নাইত খেলি থকা প্রথমখন টেষ্টত জয়ৰ দিশে অগ্রসৰ হৈছে টীম ইণ্ডিয়া৷ টেষ্টখনত জয়লাভৰ বাবে হাতত সম্পূর্ণ দুটা দিন বাকী থকা অৱস্থাত ভাৰতীয় দলটোক প্রয়োজন মাত্র ৬টা উইকেটৰ৷ ইফালে, টেষ্টখনত পৰাজয়ৰ পৰা হাত সাৰিবলৈ বাংলাদেশক প্রয়োজন ৩৫৭ ৰানৰ৷ টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া পর্বতসম ৫১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বিপর্যয়ত পৰে ভ্রমণকাৰী দলটো৷ আজি তৃতীয় দিনৰ খেলৰ অন্তলৈকে বাংলাদেশে দ্বিতীয় ইনিংছত চাৰিটা উইকেট হেৰুৱাই ১৫৮ ৰান সংগ্রহ কৰিছে৷ দিনান্তত অধিনায়ক নাজমুল হুছেইন ছান্টোই ৫১ আৰু ছাকিব আল হাছানে ৫ ৰান কৰি ক্রিজত আছে৷ অ’পেনাৰ জাকিৰ হাছানে ৩৩, ছাদমান ইছলামে ৩৫, মমিনুল হক আৰু মুছফিকুৰ ৰহিম উভয়ে ১৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ টীম ইণ্ডিয়াৰ হৈ অশ্বিনে তিনিটা আৰু বুমৰাহে এটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে দ্বিতীয় দিনা তিনি উইকেটত কৰা ৮১ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি শুভমন গিল আৰু ঋষভ পণ্টৰ দর্শনীয় শতকৰ সহায়ত ভাৰতে আজি তৃতীয় দিনা চাৰি উইকেটত ২৮৭ ৰান কৰি দ্বিতীয় ইনিংছ ঘোষণা কৰে৷ আগদিনা ৩৩ ৰানত অপৰাজিত হৈ থকা গিলে আজি ১১৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ ইফালে, আগদিনা ১২ ৰানত বেটিং কৰি থকা ঋষভ পণ্টে ১০৯ ৰানৰ দর্শনীয় ইনিংছ খেলে৷ দুয়োৱে চতুর্থ উইকেটত ১৬৭ ৰান সংগ্রহ কৰি টীম ইণ্ডিয়াক শক্তিশালী স্থিতিত উপনীত কৰায়৷ মন কৰিবলগীয়া যে ৬৩৫ দিনৰ মূৰত টেষ্টলৈ প্রত্যাৱর্তন কৰি পণ্টে আজি টেষ্ট কেৰিয়াৰত ষষ্ঠটো শতক অর্জন কৰে৷ আনহাতে, গিলে আজি টেষ্ট কেৰিয়াৰত পঞ্চমটো শতক পূর্ণ কৰে৷ ইফালে, লোকেশ ৰাহুলে ২২ ৰান কৰি অপৰাজিত হৈ থাকে৷ বাংলাদেশৰ হৈ মেহদি হাছান মিৰাজে সর্বাধিক ২টা উইকেট লাভ কৰে৷ উল্লেখ্য যে ভাৰতে প্রথম ইনিংছত ৩৭৬ ৰান কৰাৰ প্রত্যুত্তৰত বাংলাদেশে ১৪৯ ৰানত প্রথম ইনিংছ সামৰিছিল৷

You might also like