ৰণক্ষেত্রত পৰিণত হাৰিয়ানা
🔴 ধর্মীয় সমদলত সংঘর্ষ
🔴 মন্দিৰত আশ্রয় শিশু–মহিলাসহ ২,৫০০ লোকৰ
বিশেষ বাৰ্তা, ৩১ জুলাই : হাৰিয়ানাৰ গুৰুগ্রামৰ নোহত বিশ্ব হিন্দু পৰিষদে উলিওৱা এক ধর্মীয় সমদলত সৃষ্টি হোৱা সংঘর্ষৰ ফলত উত্তাল হৈ পৰিছে সমগ্র অঞ্চলটো৷ বিশ্ব হিন্দু পৰিষদে উলিওৱা ব্রীজ মণ্ডল জলাভিষেক যাত্রাৰ সময়ত এই সংঘর্ষৰ সূত্রপাত ঘটে৷ গুৰুগ্রাম–আলৱাৰ ৰাষ্ট্রীয় ঘাইপথত এই সমদলত বাধা দিয়ে এদল যুৱকে৷ আনকি ধর্মীয় সমদললৈ লক্ষ্য কৰি যুৱকৰ দলটোৱে শিলগুটি নিক্ষেপ কৰে৷ লগে লগে সৃষ্টি হয় সংঘর্ষ৷ সংঘর্ষই মুহূর্ততে বিভীষিকাৰ ৰূপ ধাৰণ কৰে৷ ক্ষুব্ধ লোকে কেইবাখনো গাড়ী জ্বলাই দিয়াৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰে৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ২০গৰাকী লোক এই সংঘর্ষৰ ঘটনাত আহত হৈছে৷ ইফালে, আঢ়ৈ হাজাৰ পুৰুষ–মহিলা তথা শিশুৱে সমীপৱর্তী মন্দিৰ এটাত আশ্রয় লোৱা বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ সমীপৱর্তী নুলহাৰ মহাদেৱ মন্দিৰত আশ্রয় লোৱা লোকসকলক সুৰক্ষা প্রদান কৰি আছে আৰক্ষীয়ে৷