নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংহাৰ প্রতিৰোধৰ বাবে বাংলাদেশত ১৪ দিনীয়া লকডাউন

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ ক’ভিড–১৯ মহামাৰীয়ে ভাৰতৰ প্রতিবেশী ৰাষ্ট্র বাংলাদেশত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ মহামাৰী প্রতিৰোধৰ বাবে বাংলাদেশ চৰকাৰে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিবলগীয়া হৈছে৷ আজিৰে পৰা দেশজুৰি ১৪ দিনীয়া লকডাউন জাৰি কৰা হৈছে বাংলাদেশত৷ এই লকডাউন ৫ আগষ্টলৈকে বলৱৎ হৈ থাকিব৷ লকডাউনৰ সময়ত সকলো কার্যালয়, উদ্যোগ–প্রতিষ্ঠান বন্ধ ৰখাৰ নির্দেশ দিছে প্রশাসনে৷ প্রধানমন্ত্রী শ্বেখ হাছিনাই এই মুহূর্তত মহামাৰীৰ মোকাবিলাৰ বাবে ক’ভিড প্রট’কল মানিবলৈ দেশবাসীক আহ্বান জনাইছে৷

You might also like