নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণৰ জনপ্রিয় অভিনেতা কেটিএছৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ মালয়ালম মঞ্চ তথা ছবি জগতৰ অতি জনপ্রিয় অভিনেতা কে টি এছ পাদান্নাইলৰ দেহাৱসান ঘটিছে৷ আজি কোচিৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে৷ ৮৮ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যুৰ সংবাদ সদৰী কৰিছে পৰিয়ালে৷ দীর্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীয়ে ৬০খনতকৈ অধিক ছবিত অভিনয় কৰিছিল৷ ইয়াৰ উপৰি বহু টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ জৰিয়তে দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল কে টি এছ৷

You might also like