বাংলাদেশত পঞ্চমটো কার্যকালৰ বাবে প্রধানমন্ত্রী হিচাপে হাছিনাৰ শপত
🔹 মন্ত্ৰী হিচাপে শপত ল’লে ৫ হিন্দু সাংসদে
🔹 নতুন মন্ত্রীসভাত ৩৬গৰাকী সাংসদৰ স্থান লাভ
ঢাকা, ১১ জানুৱাৰী : বাংলাদেশত পঞ্চমটো কার্যকালৰ বাবে আজি শ্বেখ হাছিনাই প্রধানমন্ত্রী হিচাপে শপত গ্রহণ কৰিছে৷ বিৰোধী বিএনপি আৰু অন্যান্য কেইবাটাও দলে বর্জন কৰা নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল শ্বেখ হাছিনাৰ আৱামী লীগ পার্টীয়ে৷ আজি ৰাষ্ট্রপতি মহম্মদ ছাহাবুদ্দিনে ৭৬ বছৰীয়া হাছিনাক শপতবাক্য পাঠ কৰোৱায়৷ শপতগ্রহণ অনুষ্ঠানত বহু ৰাজনীতিক, বিদেশী কূটনীতিক তথা নাগৰিক সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰি সামৰিক বিষয়াসকলেও অংশগ্রহণ কৰে৷ প্রধানমন্ত্রী হাছিনাৰ শপতগ্রহণৰ পিছতে নতুন মন্ত্রীসভাৰ সদস্যসকলকো শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্রপতিয়ে৷ উল্লেখনীয় যে বাংলাদেশৰ সংসদৰ ৩০০ আসনৰ ভিতৰত ২২৩খনত বিজয় সাব্যস্ত কৰিছে হাছিনাৰ দলে৷ নতুন মন্ত্রীসভাত ৩৬গৰাকী সাংসদে স্থান লাভ কৰিছে৷ ইয়াৰ ভিতৰত ৫জন হিন্দু সাংসদক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে। খাদ্য মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, ভূমি মন্ত্ৰী, পাৰ্বত্য মন্ত্ৰী হিচাপে হিন্দু সাংসদে শপত বাক্য পাঠ কৰে। ইয়াৰ পূৰ্বে ৩জন হিন্দু মন্ত্ৰী আছিল হাছিনা চৰকাৰত। উল্লেখ্য যে ২জন বাঙালী, ১জন জনগোষ্ঠীয় সাংসদ আছিল ইয়াৰ পূৰ্বৰ চৰকাৰখনত।
প্ৰেৰক কাওচাৰ আলম