নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ বছৰ কাৰাবাসৰ পিছত নির্দোষী ঘোষণা আদালতৰ

🔹 জীৱনৰ মূল্যৱান সময় ওভতাই বিচাৰিলে জার্মান নাগৰিকে
বিশেষ বাৰ্তা, ১০ জুলাই : জীৱনৰ ১৩টা বছৰ কটাবলগীয়া হ’ল কাৰাগাৰত ৷ হঠাতে আদালতত নির্দোষী বুলি প্রমাণিত হ’ল জার্মানীত ৷ হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন কয়েদী ৷ মিউনিখৰ আদালতে মানফ্রেড গেনডিৎস্কি নামৰ লোকজনক নির্দোষী বুলি ঘোষণা কৰে ৷ লগে লগে ৬২ বছৰীয়া মানফ্রেডে আদালতত দাবী জনাইছে যে তেওঁক জীৱনৰ ১৩টা বছৰ ওভতাই দিয়ক ৷ ২০০৮ চনত জার্মানীৰ মিছবাখ প্রদেশৰ ৰটাখ–এৰগান চহৰৰ এটা আৱাসগৃহত কাম কৰিছিল মানফ্রেডে ৷ সেই চৰকাৰী আৱাসগৃহৰ স্নানাগাৰত উদ্ধাৰ হয় ৮৭ বছৰীয়া এজন বৃদ্ধাৰ মৃতদেহ ৷ বৃদ্ধাৰ মূৰত আঘাতৰ চিন আছিল ৷ আৰক্ষীয়ে মানফ্রেডক এই বৃদ্ধাৰ হত্যাকাৰী বুলি অভিযুক্ত কৰিছিল ৷ কাৰণ সঘনে বৃদ্ধাৰ সৈতে কাজিয়া হৈছিল মানফ্রেডৰ ৷ কিন্তু শেহতীয়াকৈ নির্দোষী ঘোষণা কৰা হৈছে ৷

You might also like