ক’ভিড অতিমাৰীৰ পিছত হিকিক’ম’ৰি বিয়পিছে জাপানত
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল: ক’ভিডৰ পিছত মাৰাত্মক হিকিক’ম’ৰি ৰোগত আক্রান্ত হৈছে জাপানৰ বহু লোক৷ হিকিক’ম’ৰি এনে এক সমস্যা, য’ত মানুহ সম্পূর্ণৰূপে সমাজবিচ্ছিন্ন হৈ পৰে৷ আন মানুহৰ সৈতে সম্পর্ক বন্ধ কৰি দি বিচ্ছিন্নভাৱে কটাব বিচাৰে হিকিক’ম’ৰিত আক্রান্ত লোকসকলে৷ জাপানত শেহতীয়া এক সমীক্ষাত দেখিবলৈ পোৱা গৈছে যে দেশখনৰ বৃহৎ এটা অংশ সমাজবিচ্ছিন্ন হৈ পৰিছে৷ জাপানী ভাষাত এয়া এক ৰোগ, যাক কোৱা হয় হিকিক’ম’ৰি৷ দেশখনৰ কম পক্ষেও ১৫ লাখ কর্মক্ষম লোক এনেদৰে সমাজবিচ্ছিন্ন হৈ পৰিছে৷ সামাজিক সকলো বিষয়ৰ প্রতি এই লোকসকলৰ অনীহা৷ বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি ক’ভিড অতিমাৰীৰ বাবেই এই সমস্যা বৃদ্ধি পাইছে জাপানত৷ অতিমাৰীৰ ফলত বিচ্ছিন্নভাৱে কটোৱা নিয়মে জীৱনৰ প্রতি অনীহা কঢ়িয়াই আনিছে তৰুণ প্রজন্মৰ মাজত৷ বিশেষকৈ কম বয়সীয়া লোকসকলৰ মাজত এই ৰোগৰ প্রভাৱ বেছি৷ বিশেষজ্ঞসকলৰ মতে, বর্তমান সমাজ ব্যৱস্থাৰ চাপত এই পৰিস্থিতি সৃষ্টি হৈছে জাপানত৷