উৰিত দুই সন্ত্ৰাসবাদীক নিধন সেনাৰ, কালি নিহত নিৰীহ লোকলৈ শ্ৰদ্ধাঞ্জলি গৃহমন্ত্ৰী অমিত শ্বাহৰ
নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। তিনিওটা বাহিনীৰ মুৰব্বীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল। প্ৰতিবেদন অনুসৰি পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ বাবে বৈঠকত পৰিকল্পনা কৰা হৈছিল। ইফালে আজি সন্ধিয়া চিচিএছৰ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই বৈঠকত এই পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ’ব। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৮জন লোকৰ মৃত্যু হৈছে।
প্ৰতিবেদন অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বৈঠক প্ৰায় কেইবাঘণ্টা ঘণ্টা ধৰি চলিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত পেহেলগাম আক্ৰমণৰ প্ৰতিশোধ কেনেদৰে ল’ব সেই সন্দৰ্ভত আলোচনা হয়। বৈঠকত কৰা পৰিকল্পনা প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত ৰখা হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি পুৱাই শ্ৰীনগৰত উপস্থিত হয়। ইয়াৰ পিছত তেওঁ পহলগামত আক্ৰমণৰ স্থান পায়গৈ। লগতে অমিত শ্বাহে এই আক্ৰমণত প্ৰাণ হেৰুৱাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত তেওঁ দিল্লী পাবগৈ। ইয়াত চিচিএছৰ বৈঠকত অংশগ্ৰহণ কৰিব।
পেহেলগামৰ পিছত উৰি সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছিল। আজি উৰিত দুজন সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল যদিও সেনা জোৱানে তেওঁলোকৰ উদ্দেশ্য বিফল কৰি সন্ত্ৰাসবাদীক হত্যা কৰে।