নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট

🔹 দুখন দেশৰ ৯খন চহৰত ২০টা দলে ২৮ দিনত খেলিব ৫৫খন মেচ

বিশেষ বাৰ্তা, ১ জুন : আইচিচি টি–২০ বিশ্বকাপ ক্রিকেটৰ ৰণশিঙা বাজিবলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী৷ বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে কাইলৈৰ পৰা অনুষ্ঠিত হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখন৷ প্রথমবাৰৰ বাবে ২০টা দলৰ মাজত ২৮ দিন ধৰি চলিব প্রতিযোগিতাখন৷ দুখন দেশৰ ৯খন চহৰত মুঠ ৫৫খন মেচ অনুষ্ঠিত হ’ব৷ আমেৰিকাত আৰম্ভ হৈ ২৯ জুনৰ দিনা সামৰণি পৰিব ৱেষ্ট ইণ্ডিজত৷ বিগত বিশ্বকাপত অংশগ্রহণকাৰী দলৰ সংখ্যা আছিল ১৬টা৷ এইবাৰ বৃদ্ধি পালে চাৰিটা দলৰ৷ টি–২০ বিশ্বকাপত এইবাৰ অভিষেক ঘটিব আয়োজক আমেৰিকাৰ লগতে কানাডা আৰু উগাণ্ডাৰ৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখন কাইলৈ ডালাছত ভাৰতীয় সময় মতে পুৱা ৬ বজাত ঘৰুৱা দল আমেৰিকা আৰু কানাডাৰ মাজত অনুষ্ঠিত হ’ব৷ কাইলৈ দুখন মেচ খেলোৱা হ’ব৷ নিশা ৮ বজাত গুয়েনাত অনুষ্ঠিত হ’বলগীয়া মেচখনত যুটীয়া আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিৰে মুখামুখি হ’ব৷ কাইলৈৰ উদ্বোধনী মেচখনত কানাডাৰ পৰিৱর্তে আমেৰিকাক ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ দুয়োখন দেশৰ মাজত ক্রিকেটৰ ইতিহাস ১৮৪৪ চনৰ পৰাই আৰম্ভ হয়৷ ১৮৪৪ চনত নিউয়র্কৰ ছেইণ্ট জর্জ ক্রিকেট ক্লাবত দুয়োখন দেশৰ মাজত প্রথমখন আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচ অনুষ্ঠিত হৈছিল৷ কাইলৈ দুয়োখন দেশে আকৌ এবাৰ মুখামুখি হ’ব৷ প্রতিযোগিতাখনত জয়েৰে অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে আমেৰিকাই৷ বাংলাদেশেৰে খেলা সদ্য সমাপ্ত টি–২০ শৃংখলাটো দখল কৰি বর্তমান আত্মবিশ্বাস তুংগত আছে আমেৰিকাৰ৷ দলটোত নিউজিলেণ্ডৰ প্রাক্তন অলৰাউণ্ডাৰ ক’ৰী এণ্ডাৰছনৰ লগতে ভাৰতীয় মূলৰ ম’নাংক পেটেল, নীতিশ কুমাৰ, হৰমীত সিং, সৌৰভ নেত্রাভালকাৰ আৰু আলী খানৰ দৰে খেলুৱৈ আছে৷ আমেৰিকাই শেহতীয়াভাৱে পাঁচখন টি–২০ মেচ খেলি চাৰিখনত জয়লাভ কৰাৰ বিপৰীতে কানাডাই সমসংখ্যক মেচ খেলি মাত্র এখনতহে জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, কাইলৈ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া মেচ দুখনৰ পূর্বে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ৱেষ্ট ইণ্ডিজত হ’বলগীয়া মেচখনত উদ্বোধনী অনুষ্ঠানটো ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব৷ এই উদ্বোধনী অনুষ্ঠানত ভাগ ল’ব ত্রিনিদাদৰ তাৰকা গায়ক ডেভিদ ৰ’ডাৰৰ লগতে ইৰফান আলভেজ, ৰবি বি, ডিজে আন্না আৰু উলট্রাই৷ ইফালে, পাপুৱা নিউগিনিক পৰাস্ত কৰি প্রতিযোগিতাখনত প্রত্যয়জনক আৰম্ভণি কৰাৰ লক্ষ্য লৈছে তাৰকা খেলুৱৈৰে সমৃদ্ধ ৱেষ্ট ইণ্ডিজে৷

You might also like