নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ ঘণ্টাত আইচলেণ্ডত ৮০০বাৰ জোকাৰণি অনুভূত

🔹 আগ্নেয়গিৰি উদগীৰণৰ আশংকা ঘনীভূত

🔹 জৰুৰীকালীন অৱস্থা ঘোষণা প্ৰশাসনৰ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : আইচলেণ্ডত ভূমিকম্পৰ ফলত আতংকৰ সৃষ্টি হয়। মাত্ৰ ১৪ ঘণ্টাৰ ভিতৰতে দেশখনৰ কিছুমান বিশেষ অঞ্চলত ৮০০বাৰ জোকাৰণি অনুভূত হয় ! এই পৰিস্থিতিত আইচলেণ্ড প্ৰশাসনে জৰুৰীকালীন অৱস্থা জাৰি কৰে। উল্লেখ্য যে শুকুৰবাৰে আইচলেণ্ডৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ৰেইকজাভিক উপদ্বীপত বাৰে বাৰে কম্পন অনুভৱ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। যদিও সকলো কম্পন প্ৰবল নাছিল, অৱশ্যে কেইবাটাও কম্পন প্ৰবল আছিল। ৰিখটাৰ স্কেলত সৰ্বোচ্চ প্ৰাবল্য আছিল ৫.২। ইমান সঘনাই কম্পন কিয় হৈ আছে, তাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন। ৰেক্সেন্স মালভূমিৰ পাঁচ কিলোমিটাৰ তলত লাভাৰ ব্যাপক সঞ্চয়ৰ ওপৰতো প্ৰশাসনে চকু ৰাখিছে। শেষত যদি এই লাভা কম্পনৰ ফলত ওপৰলৈ আহে, তেন্তে ভয়ংকৰ আগ্নেয়গিৰি উদগীৰণৰ বিপদ সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি। ইতিমধ্যে আইচলেণ্ড প্ৰশাসনে সকলোকে সকীয়াই দিছে যে এই ভূমিকম্পৰ প্ৰাবল্য তীব্ৰ হ’ব পাৰে।

You might also like