নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম জন্মভূমিত উদ্ধাৰ বিভিন্ন দেৱ–দেৱীৰ মূর্তি

বিশেষ বাৰ্তা,  ১৪ ছেপ্টেম্বৰ : অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ কাম চূড়ান্ত পর্যায়ত চলি আছে৷ ৰাম মন্দিৰ নির্মাণৰ সময়ত চলোৱা খননত বিভিন্ন দেৱ–দেৱীৰ মূর্তি আৰু স্তম্ভ উদ্ধাৰ হৈছে৷ ৰাম মন্দিৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে ছ’চিয়েল মিডিয়া এক্সত সদৰী কৰিছে এই তথ্য৷ অৱশ্যে ৰাজবংশই অযোধ্যাৰ ৰাম জন্মভূমিত মন্দিৰ নির্মাণ কৰিছিল, সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই চম্পট ৰায়ে৷ ন্যাসৰ তৰফৰ পৰা উল্লেখ কৰা অনুসৰি, ৰাম মন্দিৰ নির্মাণৰ কাম পূর্ব নির্ধাৰিত সময়সূচী অনুসৰি সম্পূর্ণ হৈ উঠিব ৷ জানুৱাৰী মাহত উদ্বোধন কৰা হ’ব এই মন্দিৰ৷

You might also like