নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য : ১৩ মহলাৰ ছাদৰ পৰা পৰিও উঠি বহিল যুৱতী

বিশেষ বাৰ্তা, ২৪ জুলাই : ঠিক যেন মেজিক! গগনচুম্বী ১৩ মহলীয়া অট্টালিকাৰ ছাদৰ পৰা মাটিত পৰিও জীৱন ৰক্ষা পৰিল এগৰাকী যুৱতীৰ৷ শুনিবলৈ অস্বাভাৱিক যেন লাগিলেও এয়া সত্য ঘটনা৷ এই ঘটনাটো সংঘটিত হৈছে ৰাছিয়াৰ ছাইবেৰিয়াত৷ ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি এই ঘটনা সংঘটিত হৈছে যোৱা ১৮ জুলাইত৷ ছাইবেৰিয়াৰ ৪৯/১ এভিয়েছন ষ্ট্রীটৰ এটা প্রাসাদৰ ওপৰৰ পৰা পৰি গৈছিল ২২ বছৰীয়া যুৱতী এগৰাকী৷ প্রত্যক্ষদর্শীয়ে সদৰী কৰা অনুসৰি ১৩ মহলাৰ ওপৰৰ ছাদৰ পৰা পৰি যোৱাৰ পাছত যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি সকলোৱে ধাৰণা কৰিছিল৷ কিন্তু সকলোকে অবাক কৰি উঠি বহে যুৱতীগৰাকী৷ স্থানীয় লোকসকলে খবৰ দিয়াৰ পাছতে তাত উপস্থিত হয় এম্বুলেঞ্চ৷ এম্বুলেঞ্চলৈ খোজকাঢ়ি যায় যুৱতীগৰাকীয়ে৷ বিষয়টো জনাৰ পাছত চিকিৎসকসকলেও আশ্বর্য প্রকাশ কৰিছে৷ সাধাৰণতে শিশুৰ ক্ষেত্রত এনে ঘটনা কেতিয়াবা ঘটিব পাৰে৷ কিন্তু ১৩ মহলাৰ ওপৰৰ পৰা পৰি কোনো লোকৰ জীৱন ৰক্ষা পৰাটো কল্পনা কৰিব নোৱাৰি৷ গতিকে এই ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like