নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-পাকিস্তানে মানি চলক ৰাষ্ট্রসংঘৰ চনদ

🔹 কৌশলপূর্ণভাৱে দুই প্রতিৱেশী দেশক শান্তি ৰক্ষাৰ বার্তা চীনৰ 

নিউজ ডেস্ক, ১০ মে’ : যুদ্ধ পৰিস্থিতি ভাৰত–পাকিস্তানৰ মাজত৷ ভাৰতীয় সেনাৰ আক্রমণত ব্যর্থ হৈছে পাকিস্তানী প্রতিৰোধ৷ দুয়োখন প্রতিৱেশী দেশৰ উত্তেজনাক লৈ চিন্তিত আন্তর্জাতিক মহল৷ পুনৰ এবাৰ উদ্বেগ প্রকাশ কৰিলে চীনে৷ সন্ত্রাসবাদৰ নিন্দা কৰিলেও ৰাষ্ট্রসংঘৰ চনদ মানি চলাৰ বার্তা দিলে বেইজিং প্রশাসনে৷ আনকি উত্তেজনা প্রশমনৰ ক্ষেত্রত সক্রিয় ভূমিকা গ্রহণ কৰিবলৈ প্রস্তুত থকা বুলিও ঘোষণা কৰিছে চীনে৷ ভাৰত–পাক সংঘাতক লৈ চীনৰ এই উদ্বেগৰ বিষয়টো ইতিমধ্যে চর্চালৈ আহিছে৷ দুয়োখন প্রতিৱেশী ৰাষ্ট্রৰ মাজত চলা সংঘাতৰ অৱসান ঘটাবলৈ চীন আগ্রহী হৈ পৰা বুলিও বিভিন্ন মহলে দাবী কৰিছে৷ লক্ষণীয়ভাৱে ‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰতৰ কেইবাখনো চহৰত প্রত্যাঘাত হিচাপে ক্ষেপণাস্ত্র আৰু ড্রোনেৰে আক্রমণ চলোৱাৰ চেষ্টা চলাইছিল পাকিস্তানী সেনাই৷ কিন্তু পাক সেনাৰ এই ক্ষেপণাস্ত্র আৰু ড্রোনসমূহ ধ্বংস কৰিছে ভাৰতীয় সেনাৰ এছ–৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাই৷ ইয়াৰ মাজতে পাকিস্তানৰ বিভিন্ন চহৰত ভাৰতে ড্রোনেৰে আক্রমণ চলোৱা বুলি অভিযোগ আনিছে পাক চৰকাৰে৷ লক্ষণীয়ভাৱে ভাৰতৰ জম্মু–কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাৰ সমীপত পাক সেনাই ধাৰাসাৰ গোলাবর্ষণ কৰাৰ ফলত ভাৰত ভূখণ্ডত পাঁচজন সেনা জোৱানসহ প্রায় বিশগৰাকী লোক নিহত হৈছে৷ ইয়াৰ পাছত ভাৰতে ভয়াৱহ প্রত্যাঘাত কৰিব বুলি আশংকা কৰিছে চীনে৷ সূত্রই সদৰী কৰা অনুসৰি ভাৰতৰ এয়াৰ ডিফেঞ্চ ছিষ্টেমে ধ্বংস কৰিছে পাকিস্তানৰ পঞ্চাশটা ড্রোন৷ ইয়াৰ উপৰি বহু ক্ষেপণাস্ত্র ধ্বংস কৰা বুলিও ভাৰতে দাবী কৰিছে৷ এনে পৰিস্থিতিৰ মাজতে কালি পুনৰ উভয় দেশলৈ বার্তা দিছে চীনে৷ চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র লি জিয়ানে উল্লেখ কৰিছে যে ভাৰত–পাকিস্তানৰ উত্তেজনাক লৈ উদ্বিগ্ণ বেইজিং৷ ভাৰত আৰু পাকিস্তান দুয়োখন দেশ চীনৰো প্রতিৱেশী বুলি মুখপাত্রগৰাকীয়ে উল্লেখ কৰে৷ ইয়াৰ উপৰি চীন যিকোনো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধী বুলিও লি জিয়ানে একেটা বিবৃতিত উল্লেখ কৰিছে৷ এনে পৰিস্থিতিত চীনে উভয় দেশৰ মাজত শান্তি অটুট থকাটো বিচাৰে বুলি মুখপাত্রগৰাকীয়ে মন্তব্য কৰিছে৷ আন্তর্জাতিক আইন আৰু ৰাষ্ট্রসংঘৰ চনদ মানি উভয় দেশে স্থিতাৱস্থা বজাই ৰখা উচিত বুলিও মুখপাত্রগৰাকীয়ে একেটা বিবৃতিত মন্তব্য কৰিছে৷ বর্তমান উত্তেজনা প্রশমনৰ ক্ষেত্রত বিশ্বৰ সৈতে বার্তালাপ কৰিবলৈ চীন প্রস্তুত আছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে৷ অর্থাৎ ভাৰত–পাকিস্তানৰ মাজত এই সংঘাতৰ সময়ত চীনে কৌশলপূর্ণভাৱে ৰাষ্ট্রসংঘৰ চনদ মানি চলাৰ কথা কৈছে৷ সন্ত্রাসবাদৰ বিৰোধ কৰিলেও ৰাষ্ট্রসংঘৰ মজিয়াত সুযোগ লৈ সদায় পূর্বে পাকিস্তানৰ পক্ষ গ্রহণ কৰি আহিছিল চীনে৷

You might also like