নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস গঢ়ি পদকৰ চেঞ্চুৰী অতিক্রম ভাৰতীয় দলৰ

🔹 পেৰা এথলিটক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : হাংজৌ এছিয়ান গেমছত এইবাৰ ১০৭টা পদক জয় কৰিছিল ভাৰতে৷ এইবাৰ এছিয়ান পেৰা গেমছতো ইতিহাস গঢ়িলে ভাৰতীয় এথলিটসকলে৷ ২২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখনত ভাৰতে মুঠ ১১১টা পদক দখল কৰিবলৈ সক্ষম হয়৷ ইয়াৰ ভিতৰত আছে ২৯টা স্বর্ণ, ৩১টা ৰূপ আৰু ৫১টা ব্রঞ্জৰ পদক৷ প্রতিযোগিতাখনৰ ইতিহাসত এয়াই ভাৰতৰ সর্বাধিক পদক জয়৷ ইয়াৰ পূর্বে ২০১৮ চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত পেৰা গেমছত ৭২টা পদক জয় কৰিছিল ভাৰতে৷ সেয়াই আছিল পেৰা এছিয়ান গেমছত ভাৰতৰ সর্বোচ্চ প্রদর্শন৷ এইবাৰ সেই অভিলেখ ভংগ কৰিলে ভাৰতে৷ এই সাফল্যৰ বাবে এথলিটসকলক অভিনন্দন জনাইছে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি এক্স হেণ্ডেলত প্রধানমন্ত্রীয়ে লিখিছে– পেৰা এছিয়ান গেমছত ১০০টা পদক, অতুলনীয় আনন্দৰ মুহূর্ত৷ এই সাফল্য আমাৰ ক্রীড়াবিদসকলৰ প্রতিভা, কঠোৰ পৰিশ্রম আৰু সংকল্পৰ ফল৷ এই অসাধাৰণ মাইলষ্ট’নে আমাৰ হূদয় অপৰিসীম গৌৰৱেৰে পূর্ণ কৰিছে৷ মই আমাৰ অবিশ্বাস্য ক্রীড়াবিদ, প্রশিক্ষক আৰু তেওঁলোকৰ সৈতে কাম কৰা সকলোকে গভীৰ কৃতজ্ঞতা জনাইছোঁ৷ উল্লেখ্য যে মুঠ ১১১টা পদকেৰে ভাৰতে পঞ্চম স্থান অর্জন কৰে৷ মুঠ ৫২১টা পদকেৰে শীর্ষস্থান দখল কৰে চীনে৷ দেশখনৰ এথলিটসকলে ২১৪টা স্বর্ণ, ১৬৭টা ৰূপ আৰু ১৪০টা ব্রঞ্জৰ পদক অর্জন কৰে৷ দ্বিতীয়, তৃতীয় আৰু চতুর্থ স্থান লাভ কৰে ক্রমে ইৰান (১৩১), জাপান (১৫০) আৰু কোৰিয়াই (১০৩)৷

You might also like