নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাউলৰ ৰপ্তানি বন্ধৰ সিদ্ধান্ত ভাৰতৰ

📌 মধ্যবিত্তক সকাহ দিয়াৰ চিন্তা কেন্দ্রীয় চৰকাৰৰ
বিশেষ বাৰ্তা, ২২ জুলাই : বিশ্বৰ বৃহত্তম চাউল ৰপ্তানিকাৰী দেশ হৈছে ভাৰত ৷ শেহতীয়াকৈ চাউলৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ গতিকে, চাউল ৰপ্তানি নিষিদ্ধ কৰিছে ভাৰত চৰকাৰে৷ প্রতিকূল জলবায়ুৰ বাবে স্থানীয় বজাৰত দ্রুতগতিত বৃদ্ধি পাইছে চাউলৰ দাম৷ সেইবাবে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ‘নন বাচমতি বগা চাউল’ৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রৰ মোদী চৰকাৰে৷ দেশৰ আভ্যন্তৰীণ বজাৰ সুস্থিৰ ৰাখিবলৈ এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ উল্লেখনীয় যে কেন্দ্রই এনে সিদ্ধান্ত গ্রহণ কৰিব পাৰে বুলি পূর্বেই ইংগিত দিছিল৷ খাদ্য সামগ্রীৰ দামবৃদ্ধিয়ে এতিয়া বজাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ কেঁচা শাক–পাচলিৰ পৰা আৰম্ভ কৰি মাছ–মাংস তথা বিভিন্ন ফললৈকে জুই ছাই দাম৷ এনে পৰিস্থিতিত মধ্যবিত্তক সকাহ দিবলৈ এই সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ ফলত ৮০ শতাংশ চাউল ৰপ্তানি বন্ধ হৈ পৰিল৷ উল্লেখনীয় যে আন্তর্জাতিক বজাৰত ভাৰতসহ এছিয়াৰ দেশবোৰৰ পৰা ৰপ্তানি হয় ৯০ শতাংশ চাউল ৷ ফলত ভাৰতৰ এই সিদ্ধান্তই দেশত চাউলৰ দাম হ্রাস কৰাৰ ক্ষেত্রত সহায় কৰিব যদিও আন্তর্জাতিক বজাৰত চাউলৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ বিশ্ব বজাৰত ভাৰতে অকলেই ৪০ শতাংশ চাউল ৰপ্তানি কৰে ৷

You might also like