নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী ভূমিকম্পৰ পিছতে উদ্বিগ্ন দিল্লী : ম্যানমাৰলৈ ১৫ টন সাহায্য–দৰব প্রেৰণ ভাৰতৰ

নিউজ ডেস্ক, ৩০ মার্চ : ভয়াৱহ প্রাকৃতিক দুর্যোগৰ কবলত ম্যানমাৰ৷ পৰহিৰ বিধ্বংসী ভূমিকম্পৰ পাছৰে পৰা এছিয়াৰ গৃহযুদ্ধবিধ্বস্ত দেশখনত দেখিবলৈ পোৱা গৈছে কেৱল মৃত্যু মিছিল৷ প্রতিৱেশী বন্ধু দেশখনৰ এই দুর্যোগৰ সময়ত উদ্বিগ্ণ হৈ পৰিছে ভাৰত৷ ইতিমধ্যে দেশখনত ১৬ শতাধিক লোকৰ মৃত্যু হৈছে৷ আহত হৈছে তিনি সহস্রাধিক৷ ইফালে, নিখোজ হৈ আছে কেইবাশও লোক৷ ইয়াৰ মাজতে কালি পুৱা দেশখনৰ সামৰিক চৰকাৰৰ মুৰব্বী মিন আং লায়িঙৰে টেলিফোনিক বার্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সামৰিক নেতাগৰাকীৰে হোৱা বার্তালাপত প্রধানমন্ত্রী মোদীয়ে কয় যে প্রতিৱেশী দেশৰ এই দুর্যোগৰ সময়ত শোকদগ্ধ হৈছে ভাৰত৷ ভয়াৱহ এই দুর্যোগত প্রাণ হেৰুওৱা লোকসকলৰ প্রতি শোক প্রকাশ কৰাৰ উপৰি দুর্গত লোকসকললৈ সমবেদনাও জ্ঞাপন কৰে মোদীয়ে৷ অকল সেয়াই নহয়, এই মুহূর্তত ভাৰতে সকলো প্রকাৰৰ সহায় ম্যানমাৰক আগবঢ়াবলৈ সাজু আছে বুলিও মোদীয়ে উল্লেখ কৰে৷ লক্ষণীয়ভাৱে মোদী–মিনৰ এই বার্তালাপৰ পাছতে দুর্যোগৰ সময়ত প্রথম সাহায্যকাৰী দেশ হিচাপে ভাৰতে ম্যানমাৰলৈ ১৫ টন সাহায্য সামগ্রী প্রেৰণ কৰে৷ ইয়াৰ উপৰি উদ্ধাৰকাৰী আৰু চিকিৎসকৰ দলো ম্যানমাৰলৈ প্রেৰণ কৰিছে ভাৰতে৷ বায়ুসেনাৰ বিমানেৰে ভাৰতে এনডিআৰএফৰ ৮০জনীয়া দলক ম্যানমাৰলৈ প্রেৰণ কৰিছে৷ অকল সেয়াই নহয়, ম্যানমাৰত এই উদ্ধাৰ অভিযানত নমা এনডিআৰএফৰ কর্মীসকলৰ এই অভিযানৰ নাম ৰখা হৈছে ‘অপাৰেচন ব্রহ্মা’৷ প্রতিৱেশীৰ এই চৰম বিপদৰ সময়ত সহায় কৰাটো ভাৰতৰ কর্তব্য বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে৷ ভাৰতে প্রেৰণ কৰা সাহায্য সামগ্রীসমূহৰ ভিতৰত আছে তম্বু, কম্বল, শ্লিপিং বেগ, খাদ্যৰ পেকেট, হেল্থ কিট, জেনেৰেটৰ আৰু প্রয়োজনীয় দৰব৷ পৰহি ভাৰতীয় সময় অনুসৰি ১১.৫০ বজাত ৭.৭ প্রাবল্যৰ ভূমিকম্পই জোকাৰিছিল ম্যানমাৰক৷ ইয়াৰ প্রভাৱ প্রতিৱেশী দেশসমূহতো পৰিছিল৷ ইয়াৰ পাছত ৬.৬ প্রাবল্যৰ ভূমিকম্পই পুনৰ ধ্বংসলীলা সৃষ্টি কৰে ম্যানমাৰত৷ লক্ষণীয়ভাৱে উদ্ধাৰকাৰীৰ উপৰি ভাৰতে ম্যানমাৰলৈ ১১৮গৰাকী চিকিৎসক তথা স্বাস্থ্যকর্মীকো প্রেৰণ কৰিছে৷ ইফালে, চীন–ৰাছিয়া আদি দেশেও ম্যানমাৰলৈ বিভিন্ন সাহায্য সামগ্রী আৰু উদ্ধাৰকাৰী দল প্রেৰণ কৰিছে৷ ইয়াৰ মাজত তাৎক্ষণিকভাৱে আমেৰিকাই কোনোধৰণৰ সামগ্রী প্রেৰণ কৰা নাই যদিও এই দুর্যোগৰ সময়ত দেশখনৰ লোকসকলক বিভিন্ন ধৰণৰ সাহায্য আগবঢ়োৱা হ’ব বুলি প্রতিশ্রুতি দিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

You might also like