নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ লাখ ছেলফীৰে বিশ্ব অভিলেখ ভাৰতৰ

🔹 মেৰী মাটি মেৰা দেশ

বিশেষ বাৰ্তা, ১১ নৱেম্বৰ : কেন্দ্রীয় চৰকাৰৰ ধ্বজাবাহী ‘মেৰী মাটি মেৰা দেশ’ অভিযানৰ ছেলফীৰে নতুন বিশ্ব ৰেকর্ড গঢ়িলে ভাৰতে৷ আজাদী কা অমৃত মহোৎসৱ কার্যসূচীৰ অংশ হিচাপে দেশৰ শ্বহীদক শ্রদ্ধাঞ্জলি জনাবলৈ সমগ্র দেশৰ পৰা মাটি সংগ্রহ কৰা ‘মেৰী মাটি মেৰা দেশ’ কার্যসূচী প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰাৰ পিছত দেশজুৰি অমৃত কলহৰ জৰিয়তে গাঁৱে গাঁৱে মাটি সংগ্রহ কৰা হৈছে৷ প্রতিখন ৰাজ্যৰ পৰা সংগ্রহ কৰা এই মাটি ৰে’লযোগে দিল্লীত সংৰক্ষিত কৰা হ’ব আৰু ইয়াৰ জৰিয়তে শ্বহীদ উদ্যান নির্মাণ কৰা হ’ব৷ এই কার্যসূচীত মাটিৰ সৈতে উঠা ছেলফীয়ে নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ মহাৰাষ্ট্রৰ সাবিত্রীবাই ফুলে বিশ্ববিদ্যালয়ত ১০,৪২,৫৩৮ ছেলফী উঠি নতুন গীনিজ অৱ ৱর্ল্ড ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে চীনে ২০১৬ চনত প্রায় ১০ লাখ ছেলফীৰে এনে অভিলেখ গঢ়িছিল৷ সাবিত্রীবাই ফুলে পুনে বিশ্ববিদ্যালয়ত যোৱা ৯ নৱেম্বৰত গীনিজ ৱর্ল্ড ৰেকর্ডৰ অধিকাৰীৰ সন্মুখত এই অভিলেখ গঢ়া হৈছে৷ মন কৰিবলগীয়া যে এই কার্যসূচীত ২৫ লাখ ছেলফী উঠা হৈছিল যদিও গীনিজ ৱর্ল্ড ৰেকর্ড বোলে কেৱল ১০,৪২,৫৩৮ ছেলফীকহে স্বীকৃতি দিয়ে৷ অভিলেখ গঢ়াৰ পিছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্রৰ উপ–মুখ্যমন্ত্রী দেৱেন্দ্র ফার্নাভিছে কয়– এইখন ছত্রপতি শিৱাজী মহাৰাজৰ মহাৰাষ্ট্র৷ যিয়ে চীনৰ অভিলেখ ভংগ কৰিছে আৰু অনেক অভিলেখ ভঙাৰ আৱশ্যক আছে৷ আনপিনে ছেলফীয়ে বিশ্ব অভিলেখ গঢ়াৰ পিছত মুখ্যমন্ত্রী একনাথ সিন্দেই এই কার্যসূচীত অংশ লোৱাসকলক অভিনন্দন জ্ঞাপন কৰে৷ বিশ্বৰ মানচিত্রত ভাৰতৰ অৱস্থিতি নতুন ৰূপত উজলাই তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like