ইছলামাবাদৰ প্রতিশ্রুতি- যুদ্ধবিৰতি উলংঘা নকৰে পাকিস্তানে
🔹 ভাৰত–পাকিস্তানৰ ডিজিএমঅ’ৰ বার্তালাপ
নিউজ ডেস্ক, ১৩ মে’ : ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া অঘোষিত যুদ্ধবিৰতি-ৰ পিছত কালি প্রথমবাৰৰ বাবে দুয়োখন দেশৰ সামৰিক পর্যায়ত আলোচনা অনুষ্ঠিত হয়৷ ২২ এপ্রিলত পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রত্যাঘাত হিচাপে ভাৰতে ৭ মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰত মিছাইলেৰে আক্রমণ চলোৱাৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়৷ পাকিস্তানে জম্মু–কাশ্মীৰৰ এলঅ’চিত নির্বিচাৰ গোলাবর্ষণ কৰাৰ সমান্তৰালকৈ আকাশমার্গেৰে কেইবাশ ড্রোন নিক্ষেপ কৰে ভাৰতীয় চহৰক লক্ষ্য কৰি৷ ভাৰতীয় সেনাই পাকিস্তানৰ সকলো আক্রমণ প্রতিহত কৰি দেশখনৰ ভূমিত ভয়াৱহ আক্রমণ চলাই সামৰিক ঘাটি, বায়ু প্রতিৰক্ষা ব্যৱস্থা তচনচ কৰি পেলোৱাৰ পিছতেই পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ সৈতে টেলিফোনিক বার্তালাপ আৰম্ভ কৰে৷ ১০ মে’ত পাকিস্তানৰ ডিজিএমঅ’ৰ মেজৰ জেনেৰেল কাছিফ আব্দুল্লাই ভাৰতৰ ডিজিএমঅ’ৰ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইৰ সৈতে টেলিফোনিক বার্তালাপ কৰি সকলো ধৰণৰ আক্রমণ আৰু সামৰিক অভিযান বন্ধৰ আহ্বান জনায়৷ এই আলোচনাৰ প্রসংগৰে ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতি সম্পন্ন হয়৷ উক্ত দিনাই দুয়োখন দেশৰ সামৰিক পর্যায়ত আলোচনা ১২ মে’ত হ’ব বুলি নির্ধাৰণ কৰা হয়৷ সেইমর্মে কালি দিনৰ ১২ বজাত পাকিস্তানৰ ডিজিএমঅ’ মেজৰ জেনেৰেল আব্দুল্লা আৰু ভাৰতৰ ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ঘাইৰ বার্তালাপৰ কথা আছিল যদিও বিশেষ কাৰণত এই সময় পিছুৱাই দিয়া হয়৷ পিছলৈ সন্ধিয়া ভাৰত আৰু পাকিস্তানৰ ডিজিএমঅ’ই যুদ্ধবিৰতি সন্দর্ভত বিতং আলোচনা কৰে৷ এই আলোচনাত ভাৰতৰ আক্রমণত পাকিস্তানৰ ক্ষয়-ক্ষতিৰ কথাও স্বীকাৰ কৰে দেশখনৰ ডিজিএমঅ’ মেজৰ জেনেৰেল আব্দুল্লাই৷ পাকিস্তানে সন্ত্রাসবাদক সহযোগ কৰি থাকিলে দেশখনৰ ওপৰত ভাৰতীয় সেনাই যিকোনো সময়তে আঘাত কৰিব পাৰে বুলি স্পষ্ট কৰি দিয়ে ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ঘায়ে৷ এই বার্তালাপৰ সময়ত পাকিস্তানৰ ডিজিএমঅ’ই যুদ্ধবিৰতি উলংঘন নকৰে বুলি প্রতিশ্রুতি দিয়ে৷ মন কৰিবলগীয়া যে ১০ মে’ৰ বিয়লি ৫ বজাৰ পৰা যুদ্ধবিৰতি কার্যকৰী হ’ব বুলি ঘোষণা কৰাৰ পিছতে ৩ ঘণ্টাৰ মূৰত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘন কৰে ৷ ইয়াৰ প্রত্যুত্তৰ হিচাপে ভাৰতে পাকিস্তানত ভয়াৱহ আক্রমণৰ সকীয়নি দিয়ে৷ অৱশ্যে পিছলৈ যুদ্ধবিৰতি পাকিস্তানে মানি আহিছে৷ উক্ত দিনাৰে পৰা জম্মু–কাশ্মীৰৰ পৰা পঞ্জাবলৈকে সীমান্তৱর্তী ৰাজ্যসমূহত উত্তেজনা হ্রাস পাইছে৷ কালি দুয়োখন দেশৰ ডিজিএমঅ’ই আলোচনাৰ সময়ত পাকিস্তানে পুনৰবাৰ যুদ্ধবিৰতি উলংঘন নকৰে বুলি প্রতিশ্রুতি দিয়ে৷