নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত ভাৰত-পাকিস্তানৰ মেচ : হোটেলৰ ৰুম ভাৰা দহ গুণ বৃদ্ধি

বিশেষ বাৰ্তা, ২৯ জুনঃ আই চি চি এদিনীয়া বিশ্বকাপ ক্রিকেটলৈ মাজতে মাথোঁ ৯৮টা দিন৷ আই চি চিৰ বৃহৎ প্রতিযোগিতাখন আৰম্ভ নৌহওঁতেই মোদীৰ ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পালে হোটেলৰ ৰুমৰ ভাৰা৷ প্রতিযোগিতাখনলৈ তিনি মাহৰো অধিক দিন বাকী থকা অৱস্থাত আহমেদাবাদৰ প্রতিখন পঞ্চতাৰকাযুক্ত হোটেলৰ ৰুমৰ ভাৰা বৃদ্ধি পালে দহগুণ৷ এক সূত্রই সদৰী কৰা মতে মহানগৰীখনৰ এখন পঞ্চতাৰকাযুক্ত হোটেলৰ উৎকৃষ্টমানৰ ৰুম এটাৰ ভাৰা প্রতিনিশাৰ বাবে ৫০ হাজাৰ টকালৈ বৃদ্ধি পাইছে৷ সময়ৰ লগে লগে এনে ৰুমৰ ভাৰা ৬৫০০–১০,৫০০লৈ বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে৷ ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈকে ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপখনৰ উদ্বোধনী আৰু ফাইনেলৰ লগতে দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তানৰ মাজৰ হাইভ’ল্টেজ মেচখন আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ আই চি চিয়ে মঙলবাৰে বিশ্বকাপখনৰ সূচী ঘোষণা কৰাৰ পিছতে আহমেদাবাদৰ পঞ্চতাৰকাযুক্ত হোটেলসমূহৰ ভাৰা দহগুণ বৃদ্ধি পাইছে৷ ইতিমধ্যে অনুৰাগীসকলে ১৩–১৬ অক্টোবৰৰ সময়ছোৱাত হোটেলৰ ৰুম বুকিং আৰম্ভ কৰিছে আৰু চহৰখনৰ সৰহসংখ্যক পঞ্চতাৰকাযুক্ত হোটেলৰ ৰুমৰ ভাৰা বহুখিনি বৃদ্ধি পাইছে৷ আই টি চি নর্মদাৰ জেনেৰেল মেনেজাৰ মেকেঞ্জিয়ে সংবাদ প্রতিষ্ঠানক জনাইছে যে ১৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনৰ বাবে যথেষ্ট উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈকে আহমেদাবাদৰ সৰহসংখ্যক পঞ্চতাৰকাযুক্ত হোটেলৰ ৰুম বুকিং কৰা হৈছে আৰু মেচৰ দিনত হোটেলৰ ৰুম বুকিং হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়৷ ইপিনে, হেটী ৰেজেন্সী আহমেদাবাদৰ জেনেৰেল মেনেজাৰ পুনিত বায়জালে কয় যে মেচৰ দিনটোত ৮০ শতাংশ ৰুম বুকিং কৰা হৈছে৷ প্রতিযোগিতাখনৰ মেচৰ সময়ছোৱাত বেছিক ক্লাছ ৰুমৰ খৰচ প্রায় ৫২ হাজাৰ হ’ব পাৰে আৰু প্রিমিয়াম কেটেগৰী ৰুমৰ খৰচ ১ লাখ টকা পর্যন্ত হ’ব পাৰে মোদীৰ ৰাজ্যত৷

You might also like