নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য বিশ্বকাপ : অনুশীলন আৰম্ভ বুমৰাহৰ

বিশেষ বাৰ্তা, ২৯ জুনঃ সম্প্রতি ভাৰতীয় ক্রিকেট দলৰ পৰা আঁতৰি থকা তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে অনুশীলন আৰম্ভ কৰিছে৷ পিঠিৰ আঘাতৰ অস্ত্রোপচাৰ কৰাৰ পিছত প্রথমবাৰৰ বাবে অনুশীলনত ভাগ লৈছে পেচ বলাৰগৰাকীয়ে৷ বর্তমান ৰাষ্ট্রীয় ক্রিকেট একাডেমীত ৰিহাব আৰম্ভ কৰা বুমৰাহে মঙলবাৰে ৭ অ’ভাৰ বলিং কৰে৷ অহা মাহত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত কেইখনমান ৱার্মআপ মেচত ভাগ ল’ব বুমৰাহে আৰু তেতিয়াহে পেচ বলাৰগৰাকীৰ সম্পূর্ণ সুস্থতাৰ প্রমাণ পোৱা যাব৷ অহা ৫ অক্টোবৰৰ পৰা ভাৰতত আৰম্ভ হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ পূর্বে বুমৰাহক সম্পূর্ণ সুস্থ কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ইতিমধ্যে ৱেষ্ট ইণ্ডিজ ভ্রমণৰ পৰা বাহিৰ হোৱা বুমৰাহে ১৮ আগষ্টৰ পৰা আয়াৰলেণ্ডৰ বিপক্ষে আৰম্ভ হ’বলগীয়া তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোত ভাৰতীয় দললৈ প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা আছে৷

You might also like