ভাৰতে শান্তি বিচাৰিলেও পাকিস্তানে ওভতাই দিছে ‘বিশ্বাসঘাতকতা’
নিউজ ডেস্ক, ১৭ মাৰ্চঃ ভাৰতে সকলো সময়তে শান্তি বিচাৰি আহিছে৷ কিন্তু পাকিস্তানে তাৰ পৰিৱর্তে ছায়া যুদ্ধ চলাই আহিছে৷ আমেৰিকান পোডকাষ্টাৰ লেক্স ফ্রিডমেনক দিয়া তিনিঘণ্টীয়া সাক্ষাৎকাৰত নতুন দিল্লী–ইছলামাবাদৰ সম্পর্কক লৈ এই মন্তব্য কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইয়াৰ লগতে সন্ত্রাসবাদক সহায় কৰি থকাৰ অভিযোগেৰেও পাকিস্তানক কটাক্ষ কৰিলে প্রধানমন্ত্রীয়ে৷ প্রধানমন্ত্রী মোদীৰ আমেৰিকা ভ্রমণৰ সময়ত এই সাক্ষাৎকাৰটো গ্রহণ কৰিছিল ফ্রিডমেনে৷ তিনিঘণ্টীয়া এই সাক্ষাৎকাৰটো প্রকাশ পাইছে৷ সাক্ষাৎকাৰত মোদীয়ে উল্লেখ কৰে যে প্রথমবাৰ ক্ষমতালৈ অহাৰ সময়তে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ চেষ্টা চলাইছিল তেওঁ৷ প্রধানমন্ত্রী হিচাপে শপতগ্রহণৰ সময়ত বিশেষভাৱে পাকিস্তানকো আমন্ত্রণ জনাইছিল৷ লক্ষ্য আছিল নতুনকৈ সম্পর্ক আৰম্ভ কৰা৷ কিন্তু শান্তি ওভতাই অনাৰ প্রতিটো চেষ্টাৰ বিপৰীতে পাকিস্তানে কেৱল ‘বিৰোধিতা’ আৰু ‘বিশ্বাসঘাতকতা’ক ওভতাই দিছে বুলিও মোদীয়ে মন্তব্য কৰে৷ তথাপি প্রধানমন্ত্রী মোদীয়ে বিশ্বাস কৰে যে পাকিস্তানৰ সাধাৰণ জনতা শান্তিৰ পক্ষত আছে৷ দ্বিপাক্ষিক সম্পর্কৰ প্রসংগ টানি এই সাক্ষাৎকাৰত মোদীয়ে কয়– ‘আশা কৰোঁ পাকিস্তানৰ শুভবুদ্ধি উদয় হ’ব আৰু শান্তিৰ পথ বাছি ল’ব৷ মই বিশ্বাস কৰোঁ পাকিস্তানৰ সাধাৰণ মানুহেও শান্তি বিচাৰে, কাৰণ তেওঁলোকো এই বিবাদ আৰু অস্থিৰতাৰ মাজত থাকি থাকি ক্লান্ত হৈ পৰিছে৷ অবিৰামভাৱে চলি থকা সন্ত্রাসত ইতিমধ্যে অসংখ্য সাধাৰণ মানুহে প্রাণ হেৰুৱাইছে৷ আনকি নিৰীহ শিশুসকলৰো মৃত্যু হৈছে৷’ মোদীয়ে সাক্ষাৎকাৰটোত উল্লেখ কৰে যে ইছলামাবাদৰ সৈতে দ্বিপাক্ষিক সম্পর্ক মসৃণ কৰিবলৈ শপতগ্রহণ অনুষ্ঠানতেই প্রথম উদ্যোগ লোৱা হৈছিল৷ সেইবাবে পাকিস্তানৰ প্রধানমন্ত্রীক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ কৰা হৈছিল বুলিও মোদীয়ে উল্লেখ কৰে৷ কিন্তু পাকিস্তানে ভাৰতৰ এই আকাংক্ষাৰ প্রতি কোনোধৰণৰ গুৰুত্ব নিদিয়া বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰে মোদীয়ে৷ উল্লেখনীয় যে ১৯৪৭ চনৰ দেশ বিভাজনৰ প্রসংগও এই সাক্ষাৎকাৰটোত উল্লেখ কৰে মোদীয়ে৷ দেশ বিভাজন অতি বেদনাদায়ক ঘটনা আছিল বুলি উল্লেখ কৰে প্রধানমন্ত্রীয়ে৷ লক্ষণীয়ভাৱে সন্ত্রাসবাদক লৈ পাকিস্তানক তীব্র কটাক্ষ কৰে প্রধানমন্ত্রী মোদীয়ে৷ সাক্ষাৎকাৰটোত সন্ত্রাসবাদ সন্দর্ভত ভাৰতৰ স্থিতি স্পষ্টও কৰে মোদীয়ে৷ সম্পর্ক উন্নত কৰাৰ বাবে চীনকো মোদীয়ে বার্তা দিয়া দেখিবলৈ পোৱা গ’ল৷ ইফালে বিশ্ব ৰাজনীতিৰ বিভিন্ন প্রসংগও উত্থাপন হয় মোদীৰ বক্তব্যত৷ আমেৰিকাৰ প্রস্তাৱ অনুসৰি ৩০দিনীয়া যুদ্ধবিৰতিৰ প্রতি সন্মতি প্রদান কৰিছে ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে৷ ৰাছিয়ায়ো চর্তসাপেক্ষে এই যুদ্ধবিৰতি মানিব বুলি ইংগিত দিছে৷ কিন্তু এতিয়াও দুয়োখন দেশৰ মাজত চলি আছে তুমুল যুদ্ধ৷ এই প্রসংগত ৰাছিয়া আৰু ইউক্রেইনক যুদ্ধ বন্ধ কৰি শান্তিৰ পথলৈ উভতি অহাৰ বার্তা দিলে মোদীয়ে৷ জেলেনস্কি–পুটিনক ‘ভাতৃ’ বুলি সম্বোধন কৰি মোদীয়ে মনত পেলাই দিয়ে যে যুদ্ধ ক্ষেত্রত কেতিয়াও সমস্যাৰ সমাধান পোৱা নাযায়৷ প্রসংগক্রমে মোদীয়ে উল্লেখ কৰে যে ৰাছিয়া–ইউক্রেইন দুয়োখন দেশৰ সৈতে ভাৰতৰ সম্পর্ক মধুৰ৷ পুটিনৰ সৈতে সাক্ষাৎ হোৱাৰ সময়ত মোদীয়ে এয়া যুদ্ধৰ সময় নহয় বুলি উল্লেখ কৰিছিল৷ ইফালে জেলেনস্কিকো যুদ্ধ ক্ষেত্রত জয়লাভ স্থায়ী সমাধান নহয় বুলি বুজনি দি শান্তিৰ পথ গ্রহণ কৰিবলৈ পৰামর্শ দিছিল মোদীয়ে৷ সাক্ষাৎকাৰটোত সেই কথা পুনৰ দোহাৰে প্রধানমন্ত্রীগৰাকীয়্৷ ইফালে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক ভূয়সী প্রশংসা কৰা দেখিবলৈ পোৱা গ’ল মোদীক৷ মোদীয়ে উল্লেখ কৰে যে ট্রাম্পে দ্বিতীয়টো কার্যকালত অধিক দক্ষতাৰ সৈতে সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিছে৷ এই সময়ত ট্রাম্পৰ উদ্যোগক ৰাছিয়া আৰু ইউক্রেইনে আদৰণি জনোৱা উচিত বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে৷ তিনিঘণ্টীয়া এই সাক্ষাৎকাৰটোত লেক্স ফ্রিডমেনৰ ওচৰত বিভিন্ন বিষয়ৰ ওপৰত মোদীয়ে মন্তব্য কৰা শুনিবলৈ পোৱা গ’ল৷