নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ সৈতে ক্রিকেট খেলা বন্ধ কৰক ভাৰতে

🔹 পেহেলগাম কাণ্ডৰ পিছত ভাৰতৰ ক্রীড়া সমাজত ক্রোধ

নিউজ ডেস্ক, ২৪ এপ্রিল : পেহেলগামত নিৰীহৰ ওপৰত সংঘটিত ভয়ানক সন্ত্রাসবাদী আক্রমণৰ পিছত শোক প্রকাশ কৰিছে ভাৰতৰ প্রাক্তন আৰু বর্তমানৰ তাৰকা ক্রিকেটাৰসকলে৷ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে এই আক্রমণক গৰিহণা দিয়াই নহয়, ভাৰতে কেতিয়াও পাকিস্তানৰ সৈতে ক্রিকেট খেলা উচিত নহয় বুলি মন্তব্য কৰিছে৷ পাকিস্তানস্থিত লস্কৰ–ই–তৈবাৰ প্রকচি ৰেজিষ্টেন্স ফ্রণ্টে (টিআৰএফ) এই ৰক্তপাতৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছত কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰৰ লগতে বিৰাট কোহলি, গৌতম গম্ভীৰ, বীৰেন্দ্র সেৱাগ, শ্রীবৎস গোস্বামীৰ দৰে খেলুৱৈয়ে পাকিস্তানৰ সৈতে ক্রীড়া সম্পর্ক তাৎক্ষণিক আৰু সম্পূর্ণৰূপে বিচ্ছিন্ন কৰাৰ দাবী জনাইছে৷ ছ’চিয়েল মিডিয়াত ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে লিখিছে– ‘ক্ষতিগ্রস্ত পৰিয়ালসমূহে নিশ্চয় এক অকল্পনীয় অধ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে৷ ভাৰত আৰু বিশ্ব এই অন্ধকাৰৰ সময়ত তেওঁলোকৰ সৈতে একত্রিত হৈ থিয় দিছে৷ শোকসন্তপ্ত পৰিয়াললৈ শোক প্রকাশ কৰিছোঁ আৰু ন্যায়ৰ বাবে প্রার্থনা কৰিছোঁ৷’ ইপিনে, বিৰাট কোহলিয়ে নিজৰ ইনষ্টাগ্রামত প’ষ্ট কৰি কয় যে নিহতসকলৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জনাইছোঁ৷ প্রাণ হেৰুওৱা লোকৰ পৰিয়াললৈ শান্তি আৰু শক্তিৰ বাবে প্রার্থনা কৰিছোঁ৷ ভাৰতৰ প্রাক্তন ক্রিকেটাৰ শ্রীবৎস গোস্বামীয়ে পাকিস্তানৰ সৈতে সকলো ক্রীড়া সম্পর্ক বন্ধ কৰাৰ দাবী জনাই কঠোৰ শব্দৰে প’ষ্ট লিখিছে৷ গোস্বামীয়ে লিখিছে- এই কাৰণেই মই কওঁ পাকিস্তানৰ সৈতে আৰু কেতিয়াও ক্রিকেট খেলা উচিত নহয়৷ নিৰীহ ভাৰতীয়ক হত্যা কৰাটো পাকিস্তানৰ ৰাষ্ট্রীয় ক্রীড়া যেন লাগে৷ যদি তেওঁলোকে এনেকৈ খেলে, তেন্তে আমাৰ সঁহাৰি দিয়াৰ সময় আহি পৰিছে৷ সেইটো সিহঁতে বুজি পোৱা ভাষাত৷ আনহাতে, টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰেও লক্ষণীয় মন্তব্য আগবঢ়াইছে৷ ভাৰতে ষ্ট্রাইক বেক কৰিব লাগে বুলি গম্ভীৰে দাবী কৰিছে৷ টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰ যুৱৰাজ সিং, বীৰেন্দ্র সেৱাগ, ইৰফান পাঠান, লোকেশ ৰাহুল, শুভমন গিলকে ধৰি আন কেইবাগৰাকীও ক্রিকেটাৰে পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণত স্তম্ভিত হৈ পৰিছে৷ ইপিনে, টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ চিৰাজে কোনো দয়া নোহোৱাকৈ সন্ত্রাসবাদীক কঠোৰ শাস্তি প্রদানৰ দাবী জনাইছে৷ তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাৰ লগতে তাৰকা বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱালেও পেহেলগামৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

You might also like