বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্য : আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্রথম টেষ্ট
বিশেষ বাৰ্তা, ১২ জুলাইঃ আজি ডমিনিকাৰ ৱাইণ্ডছৰ পার্ক ষ্টেডিয়ামত দুখনীয়া টেষ্ট শৃংখলাৰ প্রথমখন মেচত মুখামুখি হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজ৷ আগন্তুক এদিনীয়া বিশ্বকাপলৈ যোগ্যতা অর্জনত ব্যর্থ হোৱা কেৰিবিয়ান দলটোৱে শক্তিশালী ভাৰতৰ বিপক্ষে হেৰুওৱা গৌৰৱ কিছু পৰিমাণে হ’লেও ওভতাই আনিবলৈ সক্ষম হ’ব বুলি আশাবাদী৷ ইপিনে, বিগত ২১ বছৰ ধৰি ৱেষ্ট ইণ্ডিজে এখন টেষ্টতো ভাৰতৰ বিৰুদ্ধে বিজয়ী হ’ব পৰা নাই৷ এই বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব ভাৰত৷ পৰৱর্তী দুবছৰৰ বাবে অনুষ্ঠিত হ’ব লগা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ এইখন হ’ব প্রথম টেষ্ট৷ সেইবাবে এই মেচখন বিশেষ তাৎপর্যপূর্ণৰূপে বিবেচিত হৈছে৷ উল্লেখ্য যে ২০২১ চনত প্রথমবাৰ অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ বিপক্ষে পৰাজিত হৈছিল ভাৰত৷ আনহাতে, চলিত বর্ষত অনুষ্ঠিত টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত পৰাজিত হৈছিল অষ্ট্রেলিয়াৰ হাতত৷ এইবাৰ টীম ইণ্ডিয়াই প্রথমখন টেষ্টৰ জৰিয়তে শক্তিশালী ৰূপত প্রত্যাৱর্তন ঘটোৱাৰ চেষ্টা চলাব৷ ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোত কিছু সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে৷ দলৰ পৰা বাদ দিয়া অভিজ্ঞ বেটাৰ শ্বেটেশ্বৰ পূজাৰাক বাদ দিয়াৰ উপৰি জিৰণি দিয়া হৈছে পেচ বলাৰ মহম্মদ ছামীক৷ তদুপৰি বেটিং ক্রমৰ তিনি নিম্বৰ স্থানত যশস্বী জয়ছোৱাল অথবা ৰুতুৰাজ গাইকোৱাডে স্থান লাভৰ সম্ভাৱনা আছে৷ ইয়াৰ লগতে পেচ বলিং বিভাগত প্রতিদ্বন্দ্বিতা হ’ব জয়দেৱ উনাটকাট আৰু নৱদ্বীপ ছাইনীৰ মাজত৷ অভিজ্ঞ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি দীর্ঘদিনৰ পিছত প্রত্যাৱর্তন ঘটোৱা আজিংক্য ৰাহানেই দলৰ বেটিং লাইন শক্তিশালী কৰিব৷