ভাৰত-এ ক্রয় কৰিব ২৬ ৰাফেল যুদ্ধ বিমান
🔹 পাকিস্তানৰে উত্তেজনাৰ মাজতে ফ্রান্সৰে ৬৩ হাজাৰ কোটিৰ চুক্তি
নিউজ ডেস্ক, ২৯ এপ্রিল : ভাৰতৰ প্রতিৰক্ষা সক্ষমতাক উজ্জীৱিত কৰি তুলি ভাৰত আৰু ফ্রান্সৰ মাজত কালি ৬৩ হাজাৰ কোটিটকীয়া প্রতিৰক্ষা চুক্তি সম্পন্ন হয়৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কমিটীয়ে নৌ–বাহিনীৰ বাবে অত্যাধুনিক ৰাফেল সাগৰীয় যুদ্ধ বিমান ক্রয় কৰাৰ বাবে অনুমোদন জনোৱাৰ পাছত কালি ফ্রান্সৰ প্রতিৰক্ষা খণ্ডৰ প্রখ্যাত প্রতিষ্ঠান ডাছাল্ট এভিয়েচনৰ সৈতে ৬৩ হাজাৰ কোটিটকীয়া চুক্তিখন স্বাক্ষৰিত হয়৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ উপস্থিতিত ভার্চুৱেলী স্বাক্ষৰিত হোৱা এই চুক্তি অনুসৰি ফ্রান্সৰ পৰা ২৬খন অত্যাধুনিক ৰাফেল যুদ্ধ বিমান ক্রয় কৰিব৷ ভাৰতীয় নৌ–বাহিনীৰ বাবে ক্রয় কৰিবলগীয়া এই ২৬ যুদ্ধ বিমানৰ চুক্তিৰ সময়ত ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রীও উপস্থিত থাকে৷ নৌ–বাহিনীৰ হাতত মজুত থকা দুর্বল হৈ পৰা মিগ–২৯ কে যুদ্ধ বিমানৰ স্থানত নতুন যুদ্ধ বিমানৰ অতি প্রয়োজনৰ সময়তে কালি চুক্তিখন স্বাক্ষৰিত হয়৷ ফ্রান্সৰ পৰা ক্রয় কৰিবলগীয়া এই ৰাফেল সাগৰীয় যুদ্ধ বিমান জাহাজ পৰিবাহী আইএনএছ বিক্রান্তত মোতায়েন কৰা হ’ব৷ ভাৰতী নৌ–বাহিনীক শক্তিশালী ৰূপত গঢ়ি তুলিবলগীয়া ৰাফেল সাগৰীয় যুদ্ধ বিমান (ৰাফেল এম)ৰ দৈর্ঘ্য ১৫.২৭ মিটাৰ, প্রস্থ ১০.৮০ মিটাৰ আৰু উচ্চতা ৫.৩৪ মিটাৰ৷ বিমানখনৰ ওজন ১০,৬০০ কিলোগ্রাম, প্রতিঘণ্টাত ইয়াৰ গতিবেগ ১,৯১২ কিলোমিটাৰ, ৩,৭০০ কিলোমিটাৰ দূৰত্বলৈ গৈ আক্রমণ কৰিব পাৰে৷ তদুপৰি ৫০ হাজাৰ ফুট উচ্চতাত এই বিমান উৰিব পাৰে৷ অতি কম দূৰত্বতে এই বিমানখনে উৰণ আৰু অৱতৰণ কৰিব পাৰে৷ পাৰমাণৱিক অস্ত্রৰেও আক্রমণ কৰিব পাৰিব৷ মাজ আকাশতে ইন্ধন ভৰোৱাৰ সক্ষমতাও আছে৷
পাকিস্তানক যুদ্ধবিমান–মিছাইল যোগান চীন–তুৰস্কৰ
জম্মু–কাশ্মীৰৰ পেহেলগামত পর্যটকৰ ওপৰত সন্ত্রাসবাদীৰ নৰসংহাৰৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে৷ পেহেলগামত পাক সন্ত্রাসবাদীয়ে আক্রমণ চলোৱাক লৈ ইছলামাবাদৰ বিৰুদ্ধে ভাৰতে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে৷ কূটনৈতিকভাৱে কঠোৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে সন্ত্রাসবাদীক নির্মূল কৰাৰ প্রত্যক্ষ সকীয়নি প্রদান কৰাৰ পাছতে পাকিস্তানেও উভতি ধৰিছে৷ ভাৰতৰ কূটনৈতিক সিদ্ধান্তত সেও মানিবলৈ অস্বীকাৰ কৰি ইছলামাবাদেও নতুন দিল্লীৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰাক লৈ দুয়ো দেশৰ মাজত উত্তেজনা দুগুণ বৃদ্ধি পাইছে৷ পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফে স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ বাবে সাজু হৈ আছে বুলি ৰাজহুৱা মন্তব্য কৰিলেও সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰাৰ ক্ষেত্রত দুমুখীয়া নীতি গ্রহণ কৰি আছে৷ ভাৰতৰ যুদ্ধংদেহি স্থিতিক লৈ উদ্বিগ্ণ হোৱা পাকিস্তানে মধ্যস্থতা কৰাৰ বাবে চীন আৰু ৰাছিয়াৰ ওচৰ চাপিছে৷ চীনে এই সন্দর্ভত দুয়ো পক্ষক সংযমী হৈ থাকি আলোচনাৰে সমাধানৰ আহ্বান জনাইছে৷ ইপিনে, ভাৰতৰ গোপন পৰিকল্পনাৰ কোনো উমান নাপাই পাকিস্তানে যুদ্ধৰ বাবে আন দেশৰ সহায় লৈছে গোপনে৷ তথ্য মতে, তুৰস্ক আৰু চীনৰ পৰা ইতিমধ্যে যুদ্ধ বিমান আৰু মিছাইলকে ধৰি অস্ত্র–শস্ত্র লাভ কৰিবলৈ সক্ষম হৈছে৷ যুদ্ধৰ পূর্বেই তুৰস্কৰ পৰা পাকিস্তানে হাৰকিউলিছ চি–১৩০ যুদ্ধ বিমান ৬খন লাভ কৰিছে৷ বায়ুসেনাৰ অভিযানত এই বিমানে অতি শক্তিশালী ভূমিকা গ্রহণ কৰিব পাৰে৷ অস্ত্র–শস্ত্র অনা–নিয়া কৰাৰ লগতে জোৱানকো ই কঢ়িয়াব পাৰে৷ আনকি প্রতিকূল বতৰতো এই বিমানখনে অনায়াসে অভিযান চলাবলৈ সক্ষম৷ আনপিনে বন্ধু ৰাষ্ট্র চীনে পাকিস্তানলৈ পিএল–১৫ মিছাইল প্রেৰণ কৰিছে৷ ইতিমধ্যে চীনে পাকিস্তানক প্রদান কৰা জেএফ–১৭ যুদ্ধ বিমানত এই মিছাইলসমূহ মোতায়েন কৰা হৈছে৷ পাকিস্তানৰ বায়ুসেনা বাহিনীয়ে নতুনকৈ লাভ কৰা জেএফ–১৫ ব্লক–৩ যুদ্ধ বিমানত আখৰা চলাই আছে৷ আকাশমার্গেৰে তথা স্থলভাগেৰে নিক্ষেপ কৰিব পৰা চীনৰ মিছাইলে পাকিস্তানী সেনাক শক্তিশালী কৰি তুলিছে৷ সক্রিয় ৰাডাৰৰ দ্বাৰা পিএল–১৫ মিছাইল দীর্ঘ দূৰত্বলৈ নিক্ষেপ কৰিব পাৰে৷ দ্রুতগতিসম্পন্ন এই মিছাইল-এ শত্রুপক্ষৰ চকুত ধূলি দি ২০০–৩০০ কিলোমিটাৰ দূৰত্বত আঘাত হানিব পাৰে৷ চীনৰ পৰা লাভ কৰা এই মিছাইল ভাৰতৰ বাবে প্রত্যাহ্বান হ’ব পাৰে৷ ভাৰতৰ ৰাফেল যুদ্ধ বিমানৰ সৈতে মেটিঅ’ৰ মিছাইল পিএল–১৫ মিছাইলৰ আঘাতক প্রতিৰোধ কৰিব পাৰে বুলি জনা যায় যদিও ই কিমানদূৰ সক্ষম সেয়া স্পষ্ট নহয়৷ অৱশ্যে ভাৰতৰ হাতত থকা অধিকাংশ মিছাইল স্থলৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা তথা মিছাইল বিধ্বংসী পদ্ধতিয়ে পাকিস্তানক শ’লঠেকত পেলাব পাৰে৷
পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ ভাৰতক সকলোপ্রকাৰে
সাহায্যৰ বাবে প্রস্তুত এফবিআই : চীনে পাকিস্তানক সমর্থনৰ পাছতে ভাৰতৰ পক্ষত আমেৰিকা
বিশ্বজুৰি নিন্দিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক লৈ এতিয়া আন্তর্জাতিক ৰাজনীতি আৰম্ভ হৈছে৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীয়ে পর্যটকক নির্মমভাৱে হত্যা কৰাৰ পাছত চিৰবৈৰী ৰাষ্ট্রখনৰ বিৰুদ্ধে নতুন দিল্লীয়ে যুদ্ধংদেহি স্থিতি গ্রহণ কৰিছে৷ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক পদক্ষেপ গ্রহণ কৰাৰ পাছত একপ্রকাৰ হাহাকাৰৰ মাজত পৰা পাকিস্তানে সহায়ৰ বাবে চীন আৰু ৰাছিয়াৰ ওচৰ চাপিছে৷ পাকিস্তানৰ বন্ধু ৰাষ্ট্র চীনে এই আক্রমণৰ পাছত ইছলামাবাদক পূর্ণ সমর্থন আগবঢ়াই সন্ত্রাসবাদ নির্মূলত পাকিস্তানে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি থকা বুলি উল্লেখ কৰি আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধানৰ বাবে নতুন দিল্লীক আহ্বান জনাইছে৷ কার্যতঃ পাকিস্তানৰ পক্ষত থিয় দিছে চীন৷ ইয়াৰ পাছতে চীনৰ শত্রু হিচাপে পৰিচিত আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতৰ পক্ষত থিয় দিয়াৰ ইংগিত দিছে৷ মন কৰিবলগীয়া যে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰত আৰু পাকিস্তান দুয়োখনেই বন্ধু দেশ বুলি অভিহিত কৰি সন্ত্রাসবাদী আক্রমণক বেয়া আখ্যা দি গৰিহণা জনালেও প্রত্যক্ষভাৱে পাকিস্তানক দোষাৰোপ কৰা নাই৷ বিষয়টো দুয়োখন দেশে কূটনৈতিকভাৱে সমাধানৰ বাবে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে আহ্বান জনাইছে৷ ইয়াৰ পাছতে পৰিৱেশ কিছু সলনি হৈছে৷ কিয়নো চীনে পাকিস্তানক প্রায় প্রত্যক্ষভাৱে এই ঘটনাক লৈ সমর্থন আগবঢ়াইছে৷ চীনে সমর্থন আগবঢ়োৱাৰ পাছতে কালি পেহেলগাম আক্রমণক তীব্র ভাষাৰে গৰিহণা দি মার্কিন চোৰাংচোৱা সংস্থা এফবিআয়ে এই আক্রমণক লৈ তদন্তত ভাৰতক সকলোপ্রকাৰে সহায়ৰ প্রতিশ্রুতি দিছে৷ এফবিআইৰ সঞ্চালক কাশ পেটেলে পেহেলগাম আক্রমণৰ তদন্তত এফবিআই সহায়ৰ বাবে প্রস্তুত বুলি কয়৷ ভাৰতীয় বংশোদ্ভৱ কাশ পেটেলে এই আক্রমণৰ সময়ত ভাৰতৰ সৈতে একেলগে আছে বুলিও মন্তব্য কৰিছে৷