নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ইংলেণ্ডৰ মুখামুখি টীম ইণ্ডিয়া

🔹 ক্রমাগত ৬খন মেচত জয়ৰ লক্ষ্য ভাৰতৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : চলিত বিশ্বকাপত দর্শনীয় প্রদর্শন অব্যাহত ৰখা ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলটোৱে কাইলৈ ইংলেণ্ডৰ মুখামুখি হ’ব৷ ইতিমধ্যে খেলা ৫খন মেচতে জয়লাভ কৰা ভাৰতে ক্রমাগত বিজয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ ইতিমধ্যে পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে ভাৰতীয় দল৷ ইয়াৰ বিপৰীতে আগ্রাসী খেলেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰা ইংলেণ্ডে ভাৰতৰ পৰিৱেশত বিপর্যয়ৰ সন্মুখীন হৈছে৷ দলটোৱে প্রতিযোগিতাৰ পৰা আগতীয়া বিদায়ৰ প্রতীক্ষা কৰিছে৷ ভাৰতৰ বিপক্ষে জয়লাভ কৰি বিগত চেম্পিয়ন ইংলেণ্ডে হেৰুওৱা গৌৰৱ কিছু পৰিমাণে হ’লেও উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ৷ ইপিনে, হার্দিক পাণ্ডিয়াৰ অনুপস্থিতিত কাইলৈ বেটিং ক্রমৰ ৬ নম্বৰত সূর্যকুমাৰ যাদৱে খেলাৰ সম্ভাৱনা আছে৷ ইতিপূর্বে খেলা মেচকেইখনত ভাৰতীয় বেটাৰ আৰু বলাৰসকলে চমকপ্রদ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে এইবাৰ বিশ্বকাপত সকলোতকৈ আগতে ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ সুযোগ লাভ কৰিছে ভাৰতে৷ কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিলেও দলটোৱে ছেমিফাইনেলৰ বাবে কিছু অপেক্ষা কৰিব লাগিব৷ ভাৰতে এই পর্যন্ত ৫খন মেচৰ পৰা ১০ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে৷ দক্ষিণ আফ্রিকাই শীর্ষত থাকিলেও তেওঁলোকে এখন মেচ অধিক খেলিছে৷ ভাৰতে ইংলেণ্ড, শ্রীলংকা, দক্ষিণ আফ্রিকা আৰু নেদাৰলেণ্ডছৰ বিৰুদ্ধে এতিয়াও খেলিবলৈ বাকী আছে৷ এই মুহূর্তত পইণ্ট তালিকালৈ লক্ষ্য কৰিলে দেখা যায় যে ১২ পইণ্টেৰেও কোনো দলৰ ছেমিফাইনেল নিশ্চিত নহয়৷ কিন্তু কাইলৈ মেচখনত জয়লাভ কৰিলে ভাৰতৰ ছেমিফাইনেলৰ পথ মসৃণ হ’ব৷ খেলৰ সময় : দিনৰ ২ বজা৷

You might also like